16 C
Guwahati
Monday, January 24, 2022
More

    দিল্লী নিৰ্বাচনঃ AAPৰ কাৰ্যালয়ত উত্সাহ-উদ্দীপনা, দিল্লীৰ পিছত দেশ নিৰ্মাণৰ পোষ্টাৰ

    আপৰ কৰ্মীসকলে কয় যে ফলাফল সম্পূৰ্ণভাৱে স্পষ্ট হোৱাৰ পিছতহে পাৰ্টীয়ে আনুষ্ঠানিক ঘোষণা কৰিব

    দিল্লীত পুনৰ আম আদমী পাৰ্টী(AAP)ৰ চৰকাৰ হোৱাৰ দিশে। AAPৰ কাৰ্যালয়ত যথেষ্ট ভিৰ। কাৰ্যালয়ৰ বাহিৰত সংবাদ মাধ্যমৰ সাংবাদিকসকল উপস্থিত হয়। কৰ্মীসকলৰ মাজত দেখা যায় উত্সাহ। নীলা আৰু বগা বেলুনেৰে ভৰি পৰে দিল্লীৰ আকাশ। আৰম্ভণিতে ‘অচ্চে বিতে পাঞ্চ চাল, লগে ৰহো কেজৰীবাল’ শ্ল’গানৰ আঁৰিলে পোষ্টাৰ। যেতিয়াই ট্ৰেণ্ডৰ ছবি স্পষ্ট হ’ল তেতিয়াই পুৱা ১১ বজাত ’দিল্লীৰ পিছত দেশ নিৰ্মাণ’ৰ পোষ্টাৰো প্ৰত্যক্ষ কৰা গ’ল।

    অৰবিন্দ কেজৰিৱাল পুৱা প্ৰায় ৯ বজাতে উপস্থিত হয় কাৰ্যালয়ত। তেওঁৰ লগত উপস্থিত হয় মনীষ ছিছোদিয়া আৰু গোপাল ৰায়। সঞ্জয় সিং টিভি চেনেলত প্ৰত্যক্ষ কৰা গ’ল যদিও কোনো এগৰাকী নেতা বাহিৰলৈ ওলাই নাহিল। কাৰ্যালয়ৰ বাহিৰত সাংবাদিকৰ ভিৰ। পুৱা প্ৰায় ১১ বজাত কেইবাখনো নতুন পোষ্টাৰ লগোৱা হ’ল। তাত লিখা আছিল- ’দিল্লীৰ পিছত দেশ নিৰ্মাণ’। কৰ্মীসকলে ‘লগে ৰহো কেজৰিৱাল’ থীম ছঙত নাচি-বাগি নিজৰ আনন্দ প্ৰকাশ কৰিলে।

    আপৰ কৰ্মীসকলে কয় যে ফলাফল সম্পূৰ্ণভাৱে স্পষ্ট হোৱাৰ পিছতহে পাৰ্টীয়ে আনুষ্ঠানিক ঘোষণা কৰিব। কেইবাগৰাকীও কৰ্মীয়ে ফটকা লৈ আহে কিন্তু তেওঁলোকক ফটকা ফুটুৱাত বাধা প্ৰদান কৰিলে।

    Photo credit: bhaskar.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং