29 C
Guwahati
Saturday, October 1, 2022
More

    বৰফৰ বগা দলিচাই আৱৰি ৰখা মায়দিয়াই মাতিছে হাত বাউলি

    ধলা শদিয়া দলং পাৰ হৈ অৰুণাচলৰ প্ৰদেশৰ ৰয়িঙৰ পৰা প্ৰায় ৭০ কিমি অতিক্ৰম কৰিলেই পোৱা যায় এই মায়দিয়া

    হাত বাউলি মাতিছে মায়দিয়াই৷ কম খৰছত উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম পৰ্যটনস্থলী অৰুণাচল প্ৰদেশৰ মায়দিয়া। অসমবাসীৰ বাবে মায়দিয়া হৈ পৰিছে এতিয়া ছিমলা মানালী৷ বৰফৰ শুকুলা চাদৰেৰে আবৃত প্ৰকৃতিৰ নান্দনিক দৃশ্য উপভোগ কৰিবলৈ উত্তৰ পূৰ্বাঞ্চলৰ জনতাৰ ব্যাপক ভিৰ এই মায়দিয়াত৷

    ধলা শদিয়া দলং পাৰ হৈ অৰুণাচলৰ প্ৰদেশৰ ৰয়িঙৰ পৰা প্ৰায় ৭০ কিমি অতিক্ৰম কৰিলেই পোৱা যায় এই মায়দিয়া৷ সমুদ্ৰপৃষ্ঠৰ পৰা প্ৰায় ২৮০০ফুট ওপৰত এই মায়দিয়াৰ দৃশ্যই আপোনাৰো মন পুলকিত কৰি তুলিব৷

    ভাৰত চৰকাৰে চীনদেশৰ সীমান্তলৈ(আনাদিলৈ)এই মায়দিয়াৰ মাজেদিয়ে তৈয়াৰ কৰি আছে সামৰিক বাট-পথ৷ সেই বাবেই এই ভূ-স্বৰ্গ মায়দিয়ালৈ যাবলৈ সুবিধাজনক হৈ পৰিছে বৰ্তমান সময়ত৷

    উল্লেখযোগ্য যে, যদিও এই ঠাইখিনিলৈ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইৰ পৰা যথেষ্ট পৰ্যটকৰ আগমন ঘটে। তথাপিও অৰুণাচল চৰকাৰ তথা ভাৰত চৰকাৰে উক্ত মনোৰম ঠাইখিনিত পৰ্যটকৰ বাবে কোনো ধৰণৰ থকা-খোৱাৰ সু-ব্যৱস্থা কৰা নাই এই পৰ্যন্ত৷

    Photo Credit: @bhaskorjyotiborah

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং