27 C
Guwahati
Sunday, October 2, 2022
More

    কভিড-১৯ মুক্ত অৰুণাচল, টুইটাৰ যোগে জনালে পেমা খাণ্ডুই

    একেৰাহে ৩-৪ টা পৰীক্ষাৰ পিছত দুটাত ব্যক্তিজনৰ দেহত COVID19 নিগেটিভ পোৱা গৈছে

    অৰুণাচল বাসীৰ বাবে সুখবৰ। সম্পূৰ্ণ কৰ’ণা মুক্ত হ’ল অৰুণাচল প্ৰদেশ। এই কথা টুইটাৰ জৰিয়তে সদৰি কৰিলে ৰাজ্যখনৰ মুখ্যমন্ত্ৰী পেমা খাণ্ডুৱে। কৰ’ণা ভাইৰাছত আক্ৰান্ত অৰুণাচল প্ৰদেশৰ প্ৰথমজন ৰোগী কৰ’ণামুক্ত। একেৰাহে ৩-৪ টা পৰীক্ষাৰ পিছত দুটাত ব্যক্তিজনৰ দেহত COVID19 নিগেটিভ পোৱা গৈছে।

    লোহিত জিলাৰ মেডোত এই লোকজন আক্ৰান্ত হৈছিল কৰ’ণা ভাইৰাছত। তেওঁৰ তৃতীয়টো পৰীক্ষাৰ ফলাফলত ওলাল কৰ’ণা ভাইৰাছ নিগেটিভ। আৰু এই ৰিপৰ্টৰ পিছতে কৰ’ণা মুক্ত ৰাজ্য হিচাপে পৰিগণিত হয় অৰুণাচল প্ৰদেশ। কিয়নো ৰাজ্যখনত ৰাজ্যখনৰ প্ৰায় তিনি শতাধিক লোক বৰ্তমানে কোৱাৰাইণ্টানত থাকিলেও ৰিপৰ্ট অনুসৰি কেৱল এজনেই ব্যক্তি কৰ’ণা ভাইৰাছক আক্ৰান্ত হৈছিল।

    উল্লেখ্য যে, দিল্লীৰ নিজামুদ্দিনৰ মাৰ্কাজৰ তবলিগী জামাতত যোগদান কৰিছিল লোকজনে। মাৰ্কাজৰ পৰা অহাৰ কিছুদিন পিছতেই অসুস্থ হোৱাত লোকজনক কোৱাৰাইণ্টানত ৰাখি তেজৰ নমুনা সংগ্ৰহ কৰি পৰীক্ষা কৰা হৈছিল আৰু সেই পৰীক্ষাত লোকজনৰ দেহত ধৰা পৰিছিল কৰ’ণা ভাইৰাছ।

    Photo Credit:Twitter

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং