27 C
Guwahati
Wednesday, June 29, 2022
More

    বাতৰি সংগ্ৰহৰ বাবে যাওতেই সাংবাদিকক আক্ৰমণ আৰুণাচলত, দৃশ্য বন্দী কেমেৰাত

    বাতৰি সংগ্ৰহৰ বাবে যাওতেই এজন সাংবাদিকক আক্ৰমণ চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত। দুৰ্বৃত্তৰ এটা দলে আক্ৰমণ চলাই সাংবাদিক গৰাকীক।

    যি সমগ্ৰ দৃশ্য বন্দী হৈছে কেমেৰাত। ভিডিঅ’ত স্পষ্টভাৱে প্ৰকশ পাইছে কিদৰে সাংবাদিকজনৰ ওপৰত আক্ৰমণ চলাইছে।

    এক দুৰ্নীতিৰ বিৰোধে বাতৰি সংগ্ৰহৰ বাবে যাওতেই এই আক্ৰমণৰ বলি হয় সাংবাদিক হফে দাদা (Hofe Dada)।

    অৰুণাচলৰ ইটানগৰস্থিত Gyoloo News নামৰ এক ডিজিটেল মিডিয়াৰ সাংবাদিক হফে।

    নাহৰলাগুণ (Naharlagun)স্থিত এক কোম্পানীত হৈ থকা দুৰ্নীতিৰ বিষয়ে লাইভ টেলিকাষ্ট কৰি থাকোতেই কোনোৱে অতৰ্কিতে আক্ৰমণ চলাই হফেৰ ওপৰত।

    হফেই কোৱা অনুসৰি, সোমবাৰ ২৯ জুনৰ ঘটনাটোৰ দিনা দিনৰ প্ৰায় ১ মান বজাত SMS smelter factoryটোৰ পৰা লাইভ টেলিকাষ্ট কৰি আছিল। তেতিয়াই অতৰ্কিতে ফেক্টৰীটেৰ পৰা চাৰিজন কৰ্মকৰ্তাই ওলাই আহি আক্ৰমণ চলাই। মাৰি মাৰি ফেক্টৰীটোৰ পৰা বাহিৰলৈ ওলাই লৈ আহে। পিছে সেইখিনি সময়তে এজন চিনাকী লোক আগবাঢ়ি আহি ৰক্ষা কৰে হফেক।

    উল্লেখ্য যে, অৰুণাচলৰ নাহৰলাগুণ লেখীভিলেজত অৱস্থিত এছ এম এছ উদ্যোগটোৰ পৰা বিগত কেইবাবছৰ ধৰি নিৰ্গত হোৱা ধোঁৱাই অন্ধলটোৰ বৃহৎ ক্ষতি সাধন কৰি আছিল।

    প্ৰদূষণ আইন উলংঘা কৰি আৱাসিক এলেকাত এনেধৰণৰ উদ্যোগ স্থাপন মুঠেই গ্ৰহন যোগ্য নহয়।

    বিগত কেইবছৰত অঞ্চলটোত কেঞ্চাৰৰ দৰে দূৰাৰোগ্য ৰোগৰ পৰিমাণ বৃদ্ধি হোৱা পৰিলক্ষিত হৈছে।

    সেই অনুসৰি হফে দাদাই উদ্যোগটোৰ এনে নীতি উলংঘাক লৈ বাতৰি পৰিৱেশন কৰিবলৈ যাওতে তেওঁৰ ওপৰত আক্ৰমণ চলে।

    ইতিমধ্যে ঘটনা সন্দৰ্ভত এজনক আটক কৰা বুলি জানিব পৰা গৈছে।

    Photo Credit: @hassinuralom

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং