দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা মোদী চৰকাৰৰ প্ৰথমতো কাৰ্যকালৰ বিত্তমন্ত্ৰী অৰুণ জেটলীৰ ৬৬ বছৰত শেষ নিশ্বাস ত্যাগ। দীৰ্ঘদিনে বিক্কৰ ৰোগত আক্ৰান্ত হৈ থকা জেটলীয়ে বিগত বছৰত কেইবাটাও অস্ত্ৰোপচাৰৰ সন্মুখীন হ’বলগীয়া হৈছিল কিন্তু হৰ্ঠাৎ হৃদৰোগত আক্ৰান্ত হৈ তেওঁক দিল্লীৰ এইমছত ভৰ্তি কৰোৱা হৈছিল আৰু অৱশেষত আজি মৃত্যক সাৱটে। ৯ আগষ্ট পৰা এইমছত ভৰ্তি হৈ আছিল অৰুণ জেটলী।
১৯৫২ চনৰ ২৮ ডিচেম্বৰ তাৰিখে নতুন দিল্লীত জন্মগ্ৰহণ কৰিছিল প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীয়ে। অৰুণ জেটলীয়ে দিল্লী বিশ্ববিদ্যালয়ৰ অন্তৰ্গত শ্ৰীৰাম কলেজ অৱ কমাৰ্ছৰ পৰা বানিজ্য বিষয়ত স্নাতক ডিগ্ৰী লাভ কৰিছিল।
পৰৱৰ্তী সময়ত দিল্লী বিশ্ববিদ্যালয়ৰ পৰা আইন বিষয়তো স্নাতক ডিগ্ৰী লাভ কৰিছিল অৰুণ জেটলীয়ে। ১৯৭৪ চনত অৰুণ জেটলীয়ে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদত যোগদান কৰি ছাত্ৰ ৰাজনীতিৰ সৈতে জড়িত হৈ পৰিছিল। ১৯৯১ চনৰে পৰা অৰুণ জেটলী বিজেপি দলৰ সৈতে জড়িত হৈ আছিল।
প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ মৃত্যুত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালৰ শোকপ্ৰকাশ

অৰুণ জেটলীৰ মৃত্যুত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ শোকপ্ৰকাশ। টুইটাৰযোগে গভীৰ শোকপ্ৰকাশ প্ৰধানমন্ত্ৰীগৰাকীৰ।

তেওঁৰ মৃত্যু দেশৰ বাবে বৃহৎ ক্ষতি, টুইটাৰযোগে এই মন্তব্য কৰিলে কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদিৰুপ্পাৰ
কেন্দ্ৰীয় মন্ত্ৰী স্মৃতি ইৰানীৰো শোকপ্ৰকাশ প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ মৃত্যুত

অৰুণ জেটলীৰ মৃত্যু মোৰ ব্যক্তিগতভাৱেও এক ক্ষতি, টুইটাৰযোগে শোক প্ৰকাশ অমিত শ্বাহৰ।

মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰো শোক প্ৰকাশ প্ৰাক্তন বিত্ত মন্ত্ৰী অৰুণ জেটলীৰ মৃত্যু।

টুইটাৰযোগে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰো গভীৰ শোক প্ৰকাশ।

Guwahati | Edited by: Dulu Medhi