দিল্লীৰ নিগমবোধ ঘাটত কৰা হয় প্ৰাক্তন বিত্ত মন্ত্ৰীগৰাকীৰ অন্তিম সংস্কাৰ। অৰুণ জেটলীৰ পুত্ৰ ৰোহনে কৰিলে পিতৃৰ মুখাগ্নি। অন্ত্যেষ্টিক্ৰিয়াৰ সময়ত উপস্থিত থাকে অমিত শ্বাহ, এল কে আদবানী, নিতিন গাডকাৰীৰ লগতে বিজেপিৰ প্ৰায়সংখ্যক নেতা।
অন্তিম সংস্কাৰৰ পূৰ্বে জেটলীৰ পাৰ্থিৱ শৰীৰ বিজেপিৰ মুখ্য কাৰ্যালয়ত ৰখা হৈছিল। অৰুণ জেটলীৰ পাৰ্থিৱ শৰীৰ পুষ্পসজ্জিত সেনাৰ বাহনেৰে ৰাজকীয় সন্মানেৰে বিজেপিৰ কাৰ্যালয়লৈ অনা হৈছিল।
উল্লেখযোগ্য যে দীৰ্ঘদিন ধৰি অসুস্থ হৈ থকা জেটলীয়ে শনিবাৰে পুৱা দিল্লীৰ এইম্ছত ৬৬ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ কৰিছিল।