23 C
Guwahati
Thursday, October 28, 2021
More

    পুনৰ আৰক্ষীৰ জিম্মাত শিল্পী মানস ৰবীন, এইবাৰ ডিমৌ আৰক্ষী থানাৰ আলহী হলগৈ শিল্পীগৰাকী

    ককাই অ বিহুখনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবি: মানস ৰবীন

    ডিমৌ আৰক্ষী থানাত শিল্পী মানস ৰবীন। ডিমৌত বিজেপিৰ উদ্যোগত অনুষ্ঠিত হ’ব লগা ৰঙালী বিহু সন্মিলনৰ এখন বেনাৰক লৈ শিল্পী মানস ৰবীনৰ সৈতে বিজেপি যুৱ মৰ্চাৰ তীব্ৰ সংঘাত। বিহুক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান মানস ৰবীনৰ।

    বিহুক ৰাজনীতিকৰণ নকৰিবলৈ আহ্বান কৰা বেনাৰ লগাবলৈ আহোতেই সূত্ৰপাত হয় এই সংঘাতৰ। আগন্তুক ১১, ১২ আৰু ১৩ বহাগত ভাৰতীয় জনতা পাৰ্টিয়ে ডিমৌত ৰঙালী বিহু সন্মিলন অনুষ্ঠিত কৰাক লৈ ইতিপূৰ্বে চ’ছিয়েল মিডিয়াৰ যোগেদি বিৰোধিতা কৰা মানস ৰবীনে ডিমৌত উপস্থিত হৈ এখন বেনাৰ আঁৰিবলৈ চেষ্টা কৰাৰ লগতে ডিমৌ চাৰিআলিত পথসভাৰ যোগেদি বক্তব্য ৰাখিবলৈ লওঁতেই বিজেপি যুৱমৰ্চাৰ একাংশ কৰ্মী ক্ষুন্ন হৈ পৰে।

    যুৱ মৰ্চাৰ সদস্যসকলে মানস ৰবীন লেই লেই চেই চেই, গ’ বেক আদি ধ্বনিৰে পৰিস্থিতি অধিক উত্তপ্ত কৰি তোলাৰ ফলত পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ উপস্থিত হোৱা ডিমৌ আৰক্ষীয়ে শিল্পীগৰাকীক যুৱ মৰ্চাৰ ৰোষৰ পৰা উদ্ধাৰ কৰি ডিমৌ থানালৈ লৈ যায়। পিছে থানাৰ চৌহদটো শিৱসাগৰৰ শীৰ্ষ আৰক্ষী বিষয়াৰ উপস্থিতিত অৰ্ধশতাধিক বিজেপি কৰ্মীয়ে মানস ৰবীনৰ সৈতে পুনৰ তীব্ৰ বিতৰ্কত লিপ্ত হৈ পৰিস্থিতি উত্তাল কৰি তোলে।

    ইফালে, মানস ৰবীনে সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে যে, অসমীয়াৰ বাপতিসাহোন বিহুক গেৰুৱাকৰণ কৰিবলৈ দিব নোৱাৰি। অসমীয়াৰ গামোচা, মুগাৰ মেখেলাখন গেৰুৱা নহয় বুলি মন্তব্য কৰি শিল্পীগৰাকীয়ে যিকোনো মূল্যৰ বিনিময়ত ডিমৌত “ককাই অ বিহুখনক ৰাজনীতিৰ পৰা আঁতৰাই ৰাখিবি” শীৰ্ষক বেনাৰখন লগোৱা হ’ব বুলি ঘোষণা কৰে।

    Photo Credit: Iftikar Rahman

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং