27 C
Guwahati
Thursday, October 14, 2021
More

    মহানগৰীৰ চন্দ্ৰপুৰত প্ৰেমিকাক পিষ্টল দেখুৱাই ভাবুকি দিয়া প্ৰেমিকক গ্ৰেপ্তাৰ

    নুৰ আলী নামৰ এইজন যুৱকে ২৬ ফেব্ৰুৱাৰীত প্ৰেমিকাক পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দি চন্দ্রপুৰৰ ৰাজপথত পেলাই থৈ গৈছিল

    মহানগৰীত চন্দ্ৰপুৰত সংঘটিত এক শিহৰনকাৰী ঘটনাৰ নায়কক গ্ৰেপ্তাৰ। দিন দুপৰতে এজন লম্পট যুৱকে পিষ্টল দেখুৱাই ভাবুকি দি ৰাজপথত পেলাই থৈ গৈছিল এগৰাকী যুৱতীক। প্ৰথমে যুৱতীগৰাকীক উপৰ্যুপৰি মাৰপিট তাৰপিছত পিষ্টলেৰে ভাবুকি আৰু পিছত ৰাজপথত পেলাই থৈ গৈছিল যুৱতীগৰাকীক।

    নুৰ আলী নামৰ এইজন যুৱকে ২৬ ফেব্ৰুৱাৰীত প্ৰেমিকাক পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দি চন্দ্রপুৰৰ ৰাজপথত পেলাই থৈ গৈছিল। যুৱতীগৰাকীৰ এজাহাৰৰ ভিত্তিত প্ৰাগজ্যোতিষপুৰ আৰক্ষীয়ে ৰুজু কৰিছিল ভাৰতীয় দণ্ডবিধি আইনৰ ৩৪২/৩২৮/৩৫৪ (এ)/ ৩০৭/৫০৬/ আৰ/ ডব্লিউ/৬৭এ আই টি এক্টৰ অধীনত ৩৮/২২০ নম্বৰত এটা গোচৰ ৰুজু কৰি তদন্ত চলাই সোমবাৰে নুনমাটিৰ পৰা গ্ৰেপ্তাৰ কৰে।

    উল্লেখ্য যে প্ৰথমে নুৰ আলীয়ে যুৱতীগৰাকীৰ সৈতে কৰিছিল প্ৰেমৰ অভিনয়। তাৰপিছতেই প্ৰেমৰ চলনাৰে যুৱতীগৰাকীৰ সৈতে গঢ়িছিল শাৰীৰিক সম্পৰ্ক। নুৰ আলীয়ে দুয়োৰে অন্তৰংগ মুহূৰ্ত আৱদ্ধ কৰিছিল নিজৰ মোবাইলত। তাৰপিছতেই যুৱতীগৰাকীক কৰিছিল ব্লেকমেইলিং। নুৰ আলীয়ে হাতীগাঁৱৰ এখন হোটেলৰ কোঠাত যুৱতীগৰাকীক লৈ গৈছিল। পিছত নুৰ আলীয়ে যুৱতীগৰাকীৰ সৈতে কৰা অন্তৰংগ মুহূৰ্তৰ ভিডিঅ’ ছচিয়েল মিডিয়াত কৰিছিল আপলোড। ইয়াকে লৈ দুয়োজনৰে মাজত হৈছিল কাজিয়াৰ সূত্ৰপাত। ২৬ ফেব্ৰুৱাৰীত যুৱতী গৰাকীক চন্দ্ৰপুৰলৈ নিজৰ এ এছ ০৭ এল ৮৭৪৩ নম্বৰৰ বাহনখনেৰে আনি চন্দ্রপুৰৰ ৰাজপথত পিষ্টল দেখুৱাই হত্যাৰ ভাবুকি দি পেলাই থৈ গৈছিল বুলি অভিযোগ কৰিছিল যুৱতীগৰাকীয়ে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং