22 C
Guwahati
Wednesday, October 27, 2021
More

    আদালত হাজিৰ গোৱালপাৰাত ধৃত ৩ ISIS সন্ত্ৰাসবাদী

    দুধনৈৰ ৰাসত বোমা সংস্থাপনৰ প্ৰাকক্ষণত গ্ৰেপ্তাৰ কৰিছিল তিনিওটা সন্ত্ৰাসবাদীক। দুধনৈৰ পিছতে দিল্লী আক্ৰমণৰ লক্ষ্য আছিল ISISৰ

    আজি আদালত হাজিৰ কৰোৱা হ’ল গোৱালপাৰাত ধৃত ৩ আই এছ আই এছ সন্ত্ৰাসবাদীক। সন্ত্ৰাসবাদী তিনিটাক ১২দিনৰ বাবে নিজৰ জিম্মাত লৈছিল গোৱালপাৰা আৰক্ষীয়ে। জিম্মাৰ ম্যাদ সম্পূৰ্ণ হোৱাত আজি সন্ত্ৰাসবাদী কেইটাক আদালত হাজিৰ কৰোৱা হয়।

    উল্লেখ্য যে দিল্লীৰ বিশেষ শাখাৰ আৰক্ষী আৰু গোৱালপাৰা আৰক্ষীয়ে ২৫ নৱেম্বৰত গোৱালপাৰাত ৩ দুৰ্ধৰ্ষ ISIS উগ্ৰপন্থীক গ্ৰেপ্তাৰ কৰিছিল। ধৃত উগ্ৰপন্থীকেইটাৰ নাম ক্ৰমে কৃষ্ণাইৰ লুইত জামিউল জামাল(২৪), মোকাদ্দেছ ইছলাম (২১) আৰু ৰঞ্জিত আলী(২৪)। উগ্ৰপন্থীকেইটাৰ পৰা হস্তনিৰ্মিত বোমা বাৰুদ আৰু টাইগাৰ উদ্ধাৰ কৰিছিল দিল্লী আৰক্ষীয়ে। অসমৰ এক বৃহৎ ধৰ্মীয় অনুষ্ঠান লক্ষ্য আছিল ISISৰ।

    দুধনৈৰ কৃষ্ণাইৰ ৰাসমেলাত বিস্ফোৰণ ঘটোৱাৰ কথা আছিল। দুধনৈৰ ৰাসত বোমা সংস্থাপনৰ প্ৰাকক্ষণত গ্ৰেপ্তাৰ কৰিছিল তিনিওটা সন্ত্ৰাসবাদীক। দুধনৈৰ পিছতে দিল্লী আক্ৰমণৰ লক্ষ্য আছিল ISISৰ। ISISৰ বাংলাদেশ শাখাই পৰিকল্পনা কৰিছিল এই আক্ৰমণৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং