29 C
Guwahati
Thursday, March 30, 2023
More

    ২খন ডেগাৰ,৩টা মোবাইল ফোনসহ ৪টা দুধৰ্ষ ডকাইতক আটক মহানগৰ আৰক্ষীৰ

    কিছুদিনৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে চোকা অস্ত্ৰসহ ৯জনীয়া এটা বৃহৎ ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল

    মহানগৰ আৰক্ষীয়ে ৪টা দুধৰ্ষ ডকাইতক আটক কৰিছে হাতীগাঁৱৰ খান পাকিজা পথৰ পৰা। ডকাইতিকাণ্ড সংঘটিত কৰাৰ পূৰ্বেই আৰক্ষীৰ জালত পৰে ডকাইতকেইটা। আৰক্ষীয়ে ডকাইতকেইটাৰ পৰা ২খন চোকা ডেগাৰ আৰু ৩টা মোবাইল ফোন জব্দ কৰিছে। আৰক্ষীয়ে অধিক তথ্যৰ বাবে ডকাইতকেইটাৰ সোধপোছ অব্যাহত ৰাখিছে।

    উল্লেখ্য যে কিছুদিনৰ পূৰ্বে মহানগৰ আৰক্ষীয়ে চোকা অস্ত্ৰসহ ৯জনীয়া এটা বৃহৎ ডকাইতৰ দলক গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হৈছিল। গুৱাহাটীৰ দক্ষিণ দিশত ডকাইতিকাণ্ডৰ পৰিকল্পনা ৰচোতেই মহানগৰ আৰক্ষীৰ জালত পৰে ডকাইতৰ দলটো। ইয়াৰ লগতে আৰক্ষীয়ে জব্দ কৰে ৬খন ডেগাৰ, ৩খন মুখা, ৯টা মোবাইল ফোন আৰু ৬টা বান্দৰ টুপী।

    Photo credit: /GuwahatiPolice/

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং