শুকুৰবাৰে ভাৰতীয় স্থলসেনা প্ৰধান বিপিন ৰাৱটে ক’লে যে কাশ্মীৰ(PoK) পাকিস্তানী চৰকাৰে নহয় সন্ত্ৰাসবাদীৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। প্ৰকৃততে PoK এখন সন্ত্ৰাসবাদ নিয়ন্ত্ৰণ কৰা দেশ অৰ্থাৎ সন্ত্ৰাসবাদীৰ দ্বাৰা নিয়ন্ত্ৰিত পাকিস্তানৰ অংশ।
তেওঁ ক’লে যে ‘যেতিয়া আমি জম্মু-কাশ্মীৰ বুলি কও তেতিয়া সমগ্ৰ জম্মু-কাশ্মীৰ ৰাজ্যখনকে কোৱা হয়। য’ত অন্তৰ্ভুক্ত হয় PoK আৰু বাল্টিস্তান। এইসমূহ অঞ্চল পশ্চিমৰ ওচৰ-চুবুৰীয়াই অবৈধভাৱে দখল কৰিছে।
লগতে তেওঁ ক’লে যে ভাৰতীয় সেনাৰ বাবে বিশ্বৰ শ্ৰেষ্ঠ Sig Sour Rifle আমেৰিকাৰ পৰা আমদানি কৰা হ’ব। ভাৰতীয় সৈনিকসকলে চলিত বছৰৰ অন্তত লাভ কৰিব এই অস্ত্ৰ।