সোমবাৰে আফগানিস্তানত এখন যাত্ৰীবাহী বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। স্থানীয় সময়নুসৰি দুপৰীয়া ১.১০ বজাত পূব গজনী প্ৰান্তত এৰিয়ানা আফগান এয়াৰলাইঞ্চৰ বিমান দুৰ্ঘটনাগ্ৰস্ত হয়। যিটো অঞ্চলত বিমানখন দুৰ্ঘটনাগ্ৰস্ত হয় সেই অঞ্চলটো তালিবান নিয়ন্ত্ৰিত। বৰ্তমানলৈ জানিব পৰা হতাহতৰ খবৰ।
আফগানিস্তানৰ নিউজ এজেঞ্চী এৰিয়ানাৰ অনুসৰি, হেৰাট বিমান বন্দৰৰ কণ্ট্ৰল টাৱাৰৰ বিষয়াই জনোৱা অনুসৰি বিমানখন এৰিয়ানা আফাগান এয়াৰলেঞ্চৰ আছিল। দুৰ্ঘটনাগ্ৰস্ত বিমানখনত আছিল ১১০ গৰাকী যাত্ৰী।
Photo credit: businesstoday.in