26 C
Guwahati
Thursday, June 30, 2022
More

    গুৱাহাটীৰ ক’ত ক’ত কণ্টেইনমেণ্ট জ’ন ঘোষণা প্ৰশাসনৰ?

    চিকিত্সক ডাঃ লিটিকেশ COVID19 পজিটিভ হোৱাৰ পিছতে কণ্টেইনমেণ্ট জ'ন ঘোষণা কৰাৰ লগতে ভঙাগড় কছাৰীবস্তি ৰোড কণ্টেইনমেণ্ট জ'ন ঘোষণা

    মহানগৰীত ৪ গৰাকীকৈ লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত হোৱাৰ পিছত গুৱাহাটীৰ বহুকেইটা অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। COVID19 আক্ৰান্ত বৰদা দাসে বাস কৰা অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা। গুৱাহাটীৰ চানমাৰিৰ বৃহৎ অঞ্চল কণ্টেইনমেণ্ট জ’ন হিচাপে ঘোষণা কৰিছে প্ৰশাসনে। উত্তৰে জয়পুৰৰ বাউণ্ডেৰীলৈকে কণ্টেইনমেণ্ট জ’ন। দক্ষিণে হলী চাইল্ড হাই স্কুল, পূবে পিয়লি ফুকন নগৰ আৰু পশ্চিমে কৃষ্ণ নগৰ ইন্দ্ৰধনু ক্লাবলৈ কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনৰ লোকে। অঞ্চলটোত সকলো লোকৰ প্ৰৱেশ আৰু প্ৰস্থান নিষিদ্ধ কৰিছে প্ৰশাসনে।

    COVID19ত মৃত্যু হোৱা দীপিকা নাথে থকা বিৰুবাৰীতো কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰিছে প্ৰশাসনৰ লোকে। আৰ্য বিদ্যাপীঠ কলেজ ফিল্ডৰ পৰা LGB চেষ্ট হাস্পতাল কমপ্লেক্সলৈকে কণ্টেইনমেণ্ট জ’ন আৰু মীন বিভাগৰ প্লটৰ পৰা বি বৰুৱা কেন্সৰ হাস্পতাল ভৱনলৈকে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰা হৈছে।

    চিকিত্সক ডাঃ লিটিকেশ COVID19 পজিটিভ হোৱাৰ পিছতে কণ্টেইনমেণ্ট জ’ন ঘোষণা কৰাৰ লগতে ভঙাগড় কছাৰীবস্তি ৰোড কণ্টেইনমেণ্ট জ’ন ঘোষণা। হিল টপ ৰোড, GMCH অডিটৰিয়াম বাউণ্ডেৰী আৰু গড়কাপ্টানী বিভাগৰ কাৰ্যালয়ৰ সীমালৈকে কণ্টেইনমেণ্ট জ’ন ষোষণা কৰিছে প্ৰশাসনে।

    Photo Credit: www.google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং