এবছৰ নমাহ দিন ধৰি সন্ধান নাই ডিফু ৰিজাৰ্ভ পুলিচ চাওনীত কতৰ্ব্যৰত এজন আৰক্ষী জোৱানৰ। কাৰোৰে হাতত কোনো ধৰণৰ খবৰ নাই জোৱান জনৰ। কি হ’ল কলৈ গ’ল কোনেেও নাযানে। পুত্ৰ তথা স্বামীক বিচাৰি হায়ৰাণ বৃদ্ধা মাতৃ আৰু পত্নী।
এই হৃদয় বিদাৰক ঘটনা নগাঁও জিলাৰ তুলসীমুখৰ। সন্ধানহীন আৰক্ষী জোৱান জন ডিফু পুলিচ ৰিজাৰ্ভ চাওনীৰ অসম আৰক্ষীৰ UB কনিষ্টবল বকুল চন্দ্ৰ দাস। ২০১৮ চনৰ ১৪ জুলাইত এজন আচামী লৈ আন কেইজনমান জোৱানৰ সৈতে দিল্লীলৈ যাব বুলি পত্নীক ফোন কৰি জনাইছিল বকুলে।

কিন্তু তাৰ পিছৰ পৰাই যোগাযোগ বিচ্ছিন্ন হৈ পৰিছিল পত্নীৰ সৈতে। উপায়ন্তৰ হৈ পত্নী কাষ চাপিছিল ডিফু আৰক্ষীৰ। কিন্তু ডিফু আৰক্ষীয়ে আজি এবছৰ নমাহ দিনে বকুল চন্দ্ৰ দাসৰ সন্ধান উলিওৱাত ব্যৰ্থ হোৱা বুলি অভিযোগ উত্থাপিত হৈছে। সেয়ে এই মহামাৰী কৰ’ণাৰ সময়ত মুখ্যমন্ত্ৰী আৰু বিত্ত মন্ত্ৰীক ব্যৱস্থা গ্ৰহণৰ বাবে কাতৰ অনুৰোধ মাতৃ আৰু পত্নীৰ।

চকুলোৰে এতিয়া বাট নেদেখা হৈছে পৰিয়ালটোৱে। নগাঁও জিলাৰ তুলসীমুখৰ এই পৰিয়ালটোৰ আস্থা হেৰাইছে ডিফু আৰক্ষীৰ ওপৰত। উল্লেখযোগ্য যে, বকুলৰ ৰোগীয়া পিতৃ, বৃদ্ধা মাতৃ আৰু দুটা সন্তান বুকুত বান্ধি এসাঁজ খাই আন এসাঁজৰ বাবে চিন্তা কৰিব লগীয়া হৈছে পত্নীয়ে। পেটৰ ক্ষুধা নিবাৰণৰ বাবে কাম কৰিব লগীয়া হৈছে আনৰ ঘৰতো।
Photo Credit: @rupjyotibhuyan