25 C
Guwahati
Thursday, October 6, 2022
More

    গণৰাজ্য দিৱসত প্ৰথমবাৰলৈ চমক সৃষ্টি আপাচে আৰু চিনুক হেলিকপ্টাৰৰ

    ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছ'নাৰোৱে

    আজি সমগ্ৰ দেশতে ৭১ সংখ্যক গণৰাজ্য দিৱস উলহ-মালহেৰে পালন কৰা হৈছে । ৰাজধানী দিল্লীৰ ৰাজপথত পুৱা ৯ বজাৰ পৰা আৰম্ভ হয় পেৰেড। ৰাজ্যৰ প্ৰটীকপটসমূহ পেৰেডত প্ৰদৰ্শন কৰা হয়। উল্লেখ্য যে এইবাৰৰ গণৰাজ্য দিৱসত চমক সৃষ্টি কৰে অত্যাধুনিক আপেচে আৰু চিনুক হেলিকপ্টাৰে। ভাৰতীয় বায়ুসেনাই আকাশমাৰ্গত আপেচে হেলিকপ্টাৰ আৰু চিনুক হেলিকপ্টাৰেৰে প্ৰদৰ্শন কৰে কাৰচাজি।

    Photo Credit: .assettype.com

    উল্লেখ্য যে আপেচে হেলিকপ্টাৰৰ লগতে চিনুক হেলিকপ্টাৰো ৭১ সংখ্যক গণৰাজ্য দিৱসত প্ৰদৰ্শিত হয় প্ৰথমবাৰৰ বাবে। এই হেলিকপ্টাৰৰ দলটোৰ নেতৃত্ব লয় গ্ৰুপ কেপ্টেইন মান্নাৰথ চীলু ভি এমে। আজি ভাৰতৰ গণৰাজ্য দিৱসত মুখ্য অতিথি হিচাপে অংশগ্রহণ কৰিছে ব্ৰাজিলৰ ৰাষ্ট্ৰপতি জেইৰ বলছ’নাৰোৱে।

    Photo Credit:amarujala.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং