19 C
Guwahati
Monday, February 6, 2023
More

    অনুপম খেৰৰ পৰিয়ালৰো কৰ’ণা, মাতৃ আৰু ভাতৃসহ ৪জন লোক পজিটিভ

    বলীউডৰ মহানায়ক অমিতাভ বচ্চন আৰু তেওঁৰ পুত্ৰ অভিষেক বচ্চনৰ দেহত কৰ’ণা পজিটিভ পোৱাৰ পিছত অভিনেতা অনুপম খেৰৰ মাতৃ আৰু ভাতৃসহ পৰিয়ালৰ ৪জন লোক কৰ’ণা সংক্ৰমিত।

    অনুপম খেৰে দেওবাৰে পুৱা টুইটাৰযোগে এই কথা জানিবলৈ দিয়ে।

    অনুপম খেৰে ভিডিই’যোগে বাৰ্তা প্ৰেৰণ কৰে যে তেওঁৰ মাতৃ দুলাৰীৰ স্বাস্থ্য ভাল নাছিল।

    তেওঁৰ ভোক লগা নাছিল আৰু কেৱল শুয়ে আছিল।

    চিকিত্সকৰ পৰামৰ্শত অভিনেতাজনে মাতৃৰ তেজ পৰীক্ষা কৰোৱাই, তাত সকলো ঠিকে ওলাল।

    পিছত যেতিয়া চিটি স্কেন কৰোৱালে তেতিয়া মাইল্ড কভিড-১৯ পজিটিভ পোৱা যায়।

    অনুপম খেৰৰ কৰ’ণা টেষ্ট নিগেটিভ
    ইয়াৰ পিছত অনুপম আৰু তেওঁৰ ভাতৃ ৰাজুয়েও কৰ’ণা পৰীক্ষা কৰোৱালে।

    ৰিপৰ্টত অনুপম খেৰৰ নিগেটিভ পোৱা যায় যদিও তেওঁৰ ভাতৃৰ মাইল্ড কভিড-১৯ পজিটিভ পোৱা যায়।

    ইয়াৰ পিছত ৰাজুৰ পৰিয়ালৰো কৰ’ণা পৰীক্ষা কৰোৱা হয়।

    পৰীক্ষাত ৰাজুৰ পত্নী আৰু ভাগিনীয়েক বৃন্দাৰো মাইল্ড কভিড-১৯ পজিটিভ পোৱা যায়। কিন্তু ভাগিনৰ নিগেটিভ ওলায়।

    অনুপম খেৰে ক’লে যে তেওঁৰ মাতৃ কোকিলাবেন হাস্পতালত চিকিত্সাধীন হৈ আছে।

    ইয়াৰ বিষয়ে বিএমচিক জনাই আৰু পিছত অনুপম খেৰৰ বাসগৃহ ছেনিটাইজ কৰোৱা হয়।

    অনুপম খেৰে ৰাইজক আহ্বান জনাই যে তেওঁলোকে নিজৰ মাতৃ-পিতৃৰ যত্ন লয়।

    Photo Credit: India Tv News

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং