নাগৰিকত্ব সংশোধনী আইনক লৈ বৰ্তমানেও সমগ্ৰ দেশজুৰি অব্যাহত তীব্ৰ প্ৰতিবাদ। তামিলনাডুত নাগৰিকত্ব আইন বিৰোধী আন্দোলন তীব্ৰতৰ। প্ৰতিবাদকাৰীৰ ওপৰত নিৰ্বিচাৰ লাঠিচাৰ্জ আৰক্ষী বাহিনীৰ।
তামিলনাডু আৰক্ষীৰ অভিযোগ প্ৰতিবাদকাৰীয়ে নিক্ষেপ কৰিছিল শিল। সেয়ে পৰিস্থিতি নিয়ন্ত্ৰণ কৰিবলৈ প্ৰতিবাদকাৰীৰ ওপৰত আৰক্ষীৰ লাঠিচালনা। আনহাতে মুঠ ১৫০ গৰাকী প্ৰতিবাদকাৰী আটক প্ৰতিবাদথলীৰ পৰা।
প্ৰতিবাদৰ হেচা-ঠেলাৰ মাজতে এজন ৭০ বৰ্ষীয় বৃদ্ধৰ মৃত্যু। পিছে আৰক্ষীৰ লাঠি-চালনাত বৃদ্ধৰ মৃত্যু বুলি অভিযোগ প্ৰতিবাদকাৰীৰ। আনহাতে আৰক্ষীৰ অভিযোগ দ্বিতীয় শ্বাহিনবাগ সজোৱাৰ চেষ্টা কৰিছে প্ৰতিবাদকাৰীয়ে। ঘটনাৰ পিছতে চেন্নাই, মাদুৰাই, তিৰুপুৰত তীব্ৰ উত্তেজনা। হাজাৰ হাজাৰ লোক ওলাই আহে প্ৰতিবাদথলীলৈ।
Photo: time8