27 C
Guwahati
Monday, September 26, 2022
More

    ৰাজ্যৰ দ্বিতীয়খন চিৰিয়াখানা, কাছাৰত স্থাপন কৰা হ’ব এই চিৰিয়াখানা

    লগতে প্ৰস্তাৱিত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অঞ্চলটোৰ লেণ্ডপ্ৰফাইল, পিঞ্জৰা স্থাপন কৰা ঠাই, বাঘ- হাতী ছাফাৰিৰ পথ, টাৱাৰ নিৰ্মাণৰ ঠাই আদি দ্ৰোণ ব্যৱহাৰ কৰিব

    অসমৰ দ্বিতীয়খন চিৰিয়াখানা কাছাৰ জিলাৰ ধলাই সমষ্টিৰ ৰজনীখালত স্থাপন কৰা হ’ব। চিৰিয়াখানাৰ লগতে বন্য প্ৰাণী পুনৰ্বাসন কেন্দ্ৰও একে লগে স্থাপন কৰিবলৈ পদক্ষেপ গ্ৰহণ কৰিছে। এই উপলক্ষে বুধবাৰে এক বিশেষজ্ঞ দলে ৰজনীখাল পৰ্যবেক্ষণ কৰে। পৰ্যবেক্ষক দলে ৰজনীখালত কি কি ব্যবস্থা গ্ৰহণ কৰিব সেই সন্দৰ্ভত পৰ্যবেক্ষণ কৰে।

    লগতে প্ৰস্তাৱিত বন্যপ্ৰাণী সংৰক্ষণৰ বাবে অঞ্চলটোৰ লেণ্ডপ্ৰফাইল, পিঞ্জৰা স্থাপন কৰা ঠাই, বাঘ- হাতী ছাফাৰিৰ পথ, টাৱাৰ নিৰ্মাণৰ ঠাই আদি দ্ৰোণ ব্যৱহাৰ কৰিব। এই পৰ্যবেক্ষণ দলটোত আছিল পশ্চিমবংগ বন বিভাগৰ প্ৰাক্তন মুখ্য বন সংৰক্ষক বন্য প্ৰাণী বিশেষজ্ঞ ব্ৰিজৰাজ শৰ্মা, আছাম বিশ্ববিদ্যালয়ৰ পৰিবেশ বিজ্ঞান বিভাগৰ অধ্যাপক পাৰ্থঙ্কৰ চৌধুৰী, কাছাৰৰ বন সংমণ্ডল আধিকাৰীক সানিদেও চৌধুৰী আৰু স্থানীয় বন বিষয়া মুজিবুৰ ৰহমান চৌধুৰী।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং