প্ৰকাশ পালে বহু প্ৰতীক্ষিত জাতীয় দলিল ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী। NRCৰ পূৰ্ণাংগ তালিকা প্ৰকাশৰ পিছতে বিভিন্নজনে বাচি লৈছে আত্মহত্যাৰ পথ। NRC তালিকাত নাম অন্তৰ্ভুক্ত নোহাৱাৰ বাবে হাইলাকান্দিত আত্মহত্যাৰ চেষ্টা এগৰাকী মহিলাৰ।
জুই লগাই আত্মহত্যাৰ চেষ্টা হাইলাকান্দি ষ্টেচন ৰোডৰ বাসিন্দা সাবিত্ৰী ৰয়ৰ। সম্পূৰ্ণ অগ্নিদগ্ধ অবস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়ত প্ৰেৰণ কৰা হৈছে মহিলাগৰাকীক। বুধবাৰে হাইলাকান্দি চহৰৰ ষ্টেচন ৰোডৰ ১নং ৱাৰ্ডত সংঘটিত হৈছে এক কৰুণ ঘটনা।
মহিলাগৰাকীয়ে স্নানাগাৰৰ ভিতৰত গাত জুই লগাই চলায় আত্মহত্যাৰ চেষ্টা। প্ৰায় ৯৫ শতাংশ অগ্নিদগ্ধ অৱস্থাত মহিলাগৰাকীক পৰিয়ালৰ লোকে লৈ যায় হাইলাকান্দিৰ এচ কে ৰায় অসামৰিক হাস্পতালত। তাৰ পৰা কৰ্তব্যৰত চিকিৎসকে মহিলাগৰাকীক অতি সংকটজনক অবস্থাত শিলচৰ চিকিৎসা মহাবিদ্যালয়লৈ প্ৰেৰণ কৰে।
৩১ আগষ্টত প্ৰকাশিত NRCৰ পূৰ্ণাংগ তালিকাত নাম নথকাৰ বাবে মহিলা গৰাকীয়ে আত্মহত্যাৰ চেষ্টা চলাইছে বুলি দাবী কৰিছে মহিলাৰ পৰিয়ালৰ লোক আৰু স্থানীয় ৰাইজে। খচৰাত মহিলাগৰাকীৰ বাদে পৰিয়ালৰ আটাইকেইজন সদস্যৰে নাম প্ৰকাশ পাইছে।