মেঘালয়ত পুনৰ এজন লোক কৰ’ণা ভাইৰাছত আক্ৰান্ত। শ্বিলঙত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈ মৃত্যু হোৱা চিকিত্সকৰ ঘৰত কৰ্মৰত আছিল লোকজন। লোকজনৰ সংস্পৰ্শত অহা প্ৰত্যেকজন লোককে স্বাস্থ্য পৰীক্ষা কৰোৱা হৈছে। বৰ্তমান লোকজন সুস্থ আৰু কোনো কৰ’ণাৰ লক্ষণ দেখা পোৱা নই। এই কথা টুইটাৰযোগে জনালে মেঘালয়ৰ মুখ্যমন্ত্ৰী কনৰাড চাংমাই।
মেঘালয়ত এইপৰ্যন্ত কৰ’ণা ভাইৰাছত আক্ৰান্ত হৈছে ১৩জন লোকে। মেঘালয়ত কৰ’ণা আক্ৰান্তৰ সংখ্যা দিনক দিনে বৃদ্ধি পাবলৈ ধৰিছে। বৰ্তমানলৈ সুস্থ হৈ উঠিছে ১০জন লোক আৰু মৃত্যু হৈছে এজনৰ। সক্ৰিয় হৈ আছে এজন লোক।
মেঘালয়ৰ প্ৰথমগৰাকী কৰ’ণাত আক্ৰান্ত হৈ মৃত্যু হোৱা লোকজন এজন জ্যেষ্ঠ চিকিৎসক। শ্বিলঙৰ বেথানী হাস্পতালত মৃত্যু হৈছিল চিকিৎসকগৰাকীৰ। বেথানী হাস্পতালৰ প্ৰতিষ্ঠাপকো আছিল চিকিৎসকগৰাকী। ১৫ এপ্ৰিলৰ পুৱতি নিশা ৩ বজাত মৃত্যু হৈছিল চিকিৎসকগৰাকীৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৬৯ বছৰ।
Photo credit: medpagetoday.com