25 C
Guwahati
Thursday, October 21, 2021
More

    অন্ধ্ৰপ্ৰদেশত পৰ্যটকভৰ্তি নাও দুৰ্ঘটনা, ১৩গৰাকী নিহত, উদ্ধাৰ অভিযান অব্যাহত

    অন্ধ্ৰপ্ৰদেশৰ চৰকাৰে ভুক্তভোগী পৰিয়ালৰ লোকক ১০ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে

    অন্ধ্ৰপ্ৰদেশৰ ইষ্ট গোদাবৰীৰ দেবীপটনমত দেওবাৰে সংঘটিত হয় শোকাৱহ নাও দুৰ্ঘটনা। পৰ্যটকভৰ্তি এখন নাও ডুবিল গোদাবৰী নদীত। নাওখনত আছিল ৬০ গৰাকীতকৈও অধিক লোক। ইয়াৰে ২৩গৰাকী লোকক সুৰক্ষিত অৱস্থাত উদ্ধাৰ কৰে। ১৩ গৰাকী লোকৰ মৃতদেহ উদ্ধাৰ হয়। সন্ধানহীন লোককেইজনৰ সন্ধানত NDRF আৰু SDRFৰ উদ্ধাৰ অভিযান অব্যাহত।

    Image Credit: aajtak.intoday.in

    অন্ধ্ৰপ্ৰদেশৰ চৰকাৰে ভুক্তভোগী পৰিয়ালৰ লোকক ১০ লাখ টকাৰ সাহাৰ্য ঘোষণা কৰিছে। মুখ্যমন্ত্ৰী জগনমোহন ৰেড্ডীয়ে জিলাখনত উপস্থিত মন্ত্ৰীসকলক ঘটনাস্থলীত উপস্থিত হোৱাৰ নিৰ্দেশ প্ৰদান কৰে। লগতে উদ্ধাৰ অভিযানৰ ওপৰতো নজৰ ৰখাৰ নিৰ্দেশ দিয়ে।

    দুুৰ্ঘটনা সন্দৰ্ভত টুইটাৰযোগে শোকপ্ৰকাশ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ

    Image Credit: jagran.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং