26 C
Guwahati
Thursday, December 1, 2022
More

    অন্ধ্ৰপ্ৰদেশৰ ফাৰ্মা কোম্পানীত ভয়ংকৰ অগ্নিকাণ্ড, দূৰলৈ শুনা গৈছিল প্ৰচণ্ড শব্দ

    অন্ধ্ৰপ্ৰদেশৰ বিশাখাপট্টনমত থকা এটা ফাৰ্মা কোম্পানীত অতিকে ভয়ংকৰ অগ্নিকাণ্ড। প্ৰচণ্ড শব্দ হৈ জুইৰ লেলিহান শিখাই মূহুৰ্ততে আগুৰি ধৰে কোম্পানীটো।

    পুৱতি নিশা সংঘটিত হয় এই অগ্নিকাণ্ড। কিছু সময় পিছতে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনী।

    অগ্নিকাণ্ড ইমানেই ভয়াবহ আছিল যে, প্ৰথমে এই জুই নিয়ন্ত্ৰণলৈ আনিবলৈ সক্ষম হোৱা নাছিল অগ্নি নিৰ্বাপক বাহিনী।

    অৱশ্যে বৰ্তমানে প্ৰায় ৯০ শতাংশ জুই নিয়ন্ত্ৰণ কৰিবলৈ সক্ষম হৈছে অগ্নি নিৰ্বাপক বাহিনী।

    এই অগ্নিকাণ্ডৰ ফলত এজন গুৰুতৰভাৱে আহত হৈছে। আহত লোক জনক গাজুৱাকা ঠাইৰ এখন হাস্পতালত ভৰ্তি কৰোৱা হয়।

    আনহাতে নিকট লোকসকলক ঘটনাস্থলীৰ পৰা সুৰক্ষিত ভাৱে আতৰাই অনা হৈছে। এই অগ্নিকাণ্ডৰ কলা ধোঁৱাই এতিয়া সমগ্ৰ অঞ্চল ছানি ধৰিছে।

    Photo Credit: jantaseristha.com, m.dailyhunt.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং