27 C
Guwahati
Wednesday, October 13, 2021
More

    মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা গ্ৰুপৰ অধ্যক্ষ পদৰ পৰা ইস্তফা আনন্দ মহিন্দ্ৰাৰ

    সালসলনি সমুহ অৱশ্যে ২০২০ৰ ১ এপ্ৰিলৰ পৰাহে কাৰ্যকৰী হ'ব

    দেশৰ অন্যতম বাহন নিৰ্মাতা প্ৰতিষ্ঠান মহিন্দ্ৰা এণ্ড মহিন্দ্ৰা গ্ৰুপত ডাঙৰ সালসলনি। অধ্যক্ষ পদৰ পৰা ইস্তফা দিছে আনন্দ মহিন্দ্ৰাই। এতিয়া এই পদ অধিগ্ৰহন কৰিব পৱন গোয়েংকাই, যি বৰ্তমানে প্ৰতিষ্ঠানটোত এম ডি আৰু চিইঅ’ হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। আনহাতে পৰৱৰ্তী সময়ত এম ডি আৰু চিইঅ’ পদত অধিগ্ৰহন কৰিব অনিশা শ্বাহ।

    এতিয়াৰ পৰা আনন্দ মহিন্দ্ৰা প্ৰতিষ্ঠানটোৰ লগত অ-নিৰ্বাহী অধ্যক্ষ হিচাপে জড়িত হৈ থাকিব। এই সালসলনি অৱশ্যে ২০২০ৰ ১ এপ্ৰিলৰ পৰাহে কাৰ্যকৰী হ’ব। প্ৰতিষ্ঠানটোৰ বোৰ্ড অৱ ডাইৰেক্টৰে এই সালসলনিত সন্মতি প্ৰদান কৰি স্বাক্ষৰ পত্ৰত চহী কৰিছে। পিছে এই ইস্তফা দিয়াৰ সিদ্ধান্ত আনন্দ মহিন্দ্ৰাই কিয় ল’লে সেয়া জানিব পৰা হোৱা নাই।

    Photo Credit: Hindustan Times

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং