19 C
Guwahati
Tuesday, December 7, 2021
More

    হোজাইৰ ৰাজপথত উদ্ধাৰ ভৰিহীন এগৰাকী মহিলা

    মহিলাগৰাকীৰ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই পৰিচয়

    লক ডাউনৰ মাজতেই হোজাইৰ ৰাজপথৰ পৰা উদ্ধাৰ কৰা হয় এগৰাকী মহিলা৷ হোজাই জিলা আইন সেৱা প্ৰাধিকৰণৰ সম্পাদিকা প্ৰণিতা মৰাঙে নিজে হোজাই আৰক্ষী থানাৰ অচিৰ সহযোগত উদ্ধাৰ কৰে অসহায় মহিলাগৰাকীক৷দুয়োখন ভৰি নথকা মহিলাগৰাকীৰ বৰ্তমানলৈকে উদ্ধাৰ হোৱা নাই পৰিচয়৷

    কিছুদিন পূৰ্বে মহিলাগৰাকীক কোনো লোকে ৰে’লৰ পৰা নমাই থৈ গৈছিল৷ উদ্ধাৰ হোৱা মহিলাগৰাকী মানৱ সৰবৰাহকাৰীৰ কবলত পৰি ভৰি হেৰুৱাৰ সন্দেহ৷ মহিলাগৰাকীক বৰ্তমান ডবকাৰ নৰ্থ ইষ্ট ৰুৰেল ৱেলফেয়াৰ চছাইটি নামৰ NGO ৰ দ্বাৰা পৰিচালিত PNR হোমতত ৰখা হৈছে৷ পৰৱৰ্তী সময়ত পোহৰলৈ আহিব অধিক তথ্য৷

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং