20 C
Guwahati
Saturday, January 29, 2022
More

    শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু অসম আৰক্ষীৰ; অসমক লৈ বিতৰ্কিত মন্তব্য কৰিছিল ইমামে

    অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি উচতনিমূলক মন্তব্য কৰিছিল JNUৰ প্ৰাক্তন ছাত্ৰজনে

    শ্বাহীনবাগ প্ৰতিবাদৰ মাষ্টাৰ মাইণ্ড আৰু JNUৰ প্ৰাক্তন ছাত্ৰ শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু। অসম তথা উত্তৰ-পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি উচতনিমূলক মন্তব্য কৰিছিল JNUৰ প্ৰাক্তন ছাত্ৰজনে।

    গুৱাহাটী ক্ৰাইম ব্ৰাঞ্চত ধাৰা 153 A, 153 B আৰু 124 A IPCৰ অধিনিয়মত ধাৰা 13 (1)/18ৰ আধাৰত শ্বাৰ্জিল ইমামৰ বিৰুদ্ধে গোচৰ ৰুজু কৰা হৈছে। টুইটাৰযোগে এই কথা জনালে ADGP জি পি সিঙে।

    ‘অসম কেতিয়াও ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন নহয়। শ্বাৰ্জিলৰ এই মন্তব্যই দেশদ্ৰোহিতাৰ প্ৰমাণ কৰিছে। আইন–শৃংখলা বিঘ্নিত কৰাৰ ষড়যন্ত্ৰ মাত্ৰ।’- এই সন্দৰ্ভত সংবাদমেলযোগে হিমন্ত বিশ্ব শৰ্মাই এই কথা প্ৰকাশ কৰিছিল।

    উল্লেখ্য যে মুছলামনক উচতনি দি শ্বাৰ্জিল ইমামে কৈছিল যে, ‘অসমত এতিয়া মুছলমান সংকটত। গতিকে ৰে’ল লাইন আৰু পথ ব্যাহত কৰি হ’লেও অসম তথা উত্তৰ পূৰ্বাঞ্চলক ভাৰতবৰ্ষৰ পৰা বিচ্ছিন্ন কৰিব লাগে।

    Photo credit: google.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং