28 C
Guwahati
Wednesday, October 27, 2021
More

    মই বহুত যন্ত্ৰণাত আছো,মোক জীয়াই তোলক-১৬ বছৰীয়া কিশোৰীৰ কাতৰ আহ্বান

    লখিমপুৰৰ দ'লহাটৰ ৰাণাবাৰীৰ পপী বৰুৱা নামৰ কিশোৰী গৰাকী আক্ৰান্ত হৈছে এক জটিল ৰোগত

    “মই বহুত যন্ত্ৰণাত আছো। মই জীয়াই থাকিব বিচাৰো”। Time8ৰ জৰিয়তে ৰাজ্যবাসীলৈ কাতৰ আহ্বান এগৰাকী কিশোৰীৰ। একাদশ শ্ৰেণীত পঢ়ি থকা ১৬ বছৰীয়া কিশোৰীগৰাকী বিগত ছমাহ ধৰি শয্যাগত। লখিমপুৰৰ দ’লহাটৰ ৰাণাবাৰীৰ পপী বৰুৱা নামৰ কিশোৰী গৰাকী আক্ৰান্ত হৈছে এক জটিল ৰোগত। কিশোৰী গৰাকীৰ চিকিৎসাৰ নামত বিগত ছমাহে দিন হাজিৰা কৰা পিতৃ-মাতৃয়ে ভড়ালৰ ধান, মাটি-ভেটি, সোণ-ৰূপৰ গহনা আদি সকলো বিক্ৰী কৰি সৰ্বস্বান্ত হৈ পৰিছে।

    এখন বিচনাতে যন্ত্ৰণাত ছটফটাই থকা কিশোৰীগৰাকীয়ে বিচনাতেই কাটিলে জন্মদিনৰ কেক। জন্মদিনৰ দিনাই যন্ত্ৰণাত ছটফটাই থকা কিশোৰীগৰাকীৰ থুকাথুকি মাতেৰে কাতৰ আহ্বান- মই জীয়াই থাকিব বিচাৰো। মোক আগৰ দৰে সুস্থ কৰি তোলক।

    এই দৰিদ্ৰ পৰিয়ালৰ মৰমলগা কিশোৰী গৰাকীৰ উন্নত চিকিৎসাৰ বাবে প্ৰয়োজন বৃহৎ পৰিমাণৰ অৰ্থৰ। কোনো সুহৃদয়ৱান লোকে সহায় কৰিব বিচাৰিলে SBI নাওবৈচা শাখাত A/C No- 32770342665 IFSC SBIN0007412 ত অৰ্থ সাহায্য আগবঢ়াব পাৰিব।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং