27 C
Guwahati
Thursday, October 14, 2021
More

    কৰ’ণাৰ বাবে থিয়েটাৰ বন্ধ নকৰিবলৈ চৰকাৰক আহ্বান প্ৰস্তুতি পৰাশৰৰ

    কৰ'ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে লোৱা সাৱধানতাৰ ফলত গুৰুতৰ প্ৰভাৱ পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰত

    চৰকাৰক থিয়েটাৰ বন্ধ নকৰিবলৈ আহ্বান প্ৰস্তুতি পৰাশৰৰ। কৰ’ণাৰ বাবে বিপদত পৰিছে ভ্ৰাম্যমাণৰ কলা-কুশলী।
    কৰ’ণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে লোৱা সাৱধানতাৰ ফলত গুৰুতৰ প্ৰভাৱ পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰত।
    চৰকাৰে ৰাজহুৱা সভা, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগতে ভ্ৰাম্যমাণ থিয়েটাৰতো সাময়িকভাৱে প্ৰতিবন্ধন লগোৱাৰ ফলত এতিয়া বিপদত পৰিছে ভ্ৰাম্যমাণ থিয়েটাৰৰ শিল্পী, কলা-কুশলী।

    ভ্ৰাম্যমাণ উদ্যোগৰ লগত প্ৰায় ডেৰশ পৰিয়াল জড়িত। এতিয়া জীৱন জীৱিকাৰ প্ৰতি ভাবুকি আহিছে এইসকলৰ পৰিয়াললৈ। চৰকাৰক আহ্বান থিয়েটাৰ বন্ধ নকৰিবলৈ। তাৰ পৰিৱৰ্তে থিয়েটাৰ চাবলৈ অহা দৰ্শকক স্ক্ৰিনিং কৰিবলৈ স্বাস্থ্য বিভাগক আহ্বান অভিনেত্রীগৰাকীৰ। আগন্তুক ২০,২১ আৰু ২২ তাৰিখে যোৰহাট জিলা ক্ৰীড়া সন্থাৰ খেলপথাৰত অনুষ্ঠিত হ’বলগীয়া আছিল প্ৰস্তুতি পৰাশৰে অভিনয় কৰা আৱাহন থিয়েটাৰ।

    Input: Rituraj Phukan

    Photo: FamousJoy

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং