১৩ আগষ্ট, গুৱাহাটী – উত্তৰ-পূবৰ আগশাৰীৰ চিমেণ্ট উৎপাদনকাৰী প্ৰতিষ্ঠান অমৃত চিমেণ্টে ‘এটা ছাইন-ইন পাচ টকা’ শীৰ্ষক অভিযানৰ বিপৰীতে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ ১১ লাখ ৮০ হাজাৰ টকাৰ এখন চেক আগবঢ়ায়।

উল্লেখ্য যে ৰাজ্যৰ ২৫খনকৈ জিলা শেহতীয়া প্ৰলয়ংকাৰী বানত প্লাবিত হোৱাৰ পিছতে অমৃত চিমেণ্টে ৰাজ্যবাসীক সহায়ৰ বাবে কৰ্প’ৰেট সামাজিক দায়বদ্ধতা কাৰ্যসূচীৰ অধীনত এক বৃহৎ অভিযান আৰম্ভ কৰিছিল। শেহতীয়া এই বানত ৰাজ্যৰ ৫০ লাখৰো অধিক পৰিয়াল বানত আক্ৰান্ত হৈ খাদ্যৰ বাবে হাহাকাৰ কৰিবলগীয়া হোৱাৰ উপৰিও আশ্ৰয়স্থল বিচাৰি পথ, ঘাইপথ, বিদ্যালয় আৰু গৃহলৈ ঢাপলি মেলিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছিল।
এই বৃহৎ সংখ্যক লোকক এনে জৰুৰীকালীন পৰিস্থিতিত সহায় কৰিবৰ বাবে অমৃত চিমেণ্টে এক অভিনৱ পদ্ধতিৰে এক অভিযান আৰম্ভ কৰিছিল। ‘এটা ছাইনইন-পাঁচ টকা’ শীৰ্ষক এই অভিযানৰ বাবে প্ৰতিষ্ঠানটোৱে এটা বিশেষ ৱেব লিংক আপলোড কৰিছিল, য’ত এটা ক্লিক কৰাৰ পৰিৱৰ্তে অমৃত চিমেণ্টে মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ পাঁচ টকাকৈ বৰঙণি আগবঢ়োৱাৰ কথা ঘোষণা কৰিছিল। HYPERLINK “http://www.amritcement.com/AssamFloodRelief”www.amritcement.com/AssamFloodRelief শীৰ্ষক এই বিশেষ লিংকটো অমৃত চিমেণ্টৰ লিমিটেডৰ অফিচিয়েল ৱেবছাইটত আপলোড কৰা হৈছিল।
ইতিমধ্যে এই অভিযানৰ সৈতে ৰাজ্যৰ বহু আগশাৰীৰ অভিনেতা-অভিনেত্ৰী, শিল্পী, ৰাজনীতিবিদ, লেখক আৰু সমাজকৰ্মী জড়িত হৈ এই লিংকটোত নিজেও ছাইন-ইন কৰাৰ উপৰি ৰাজ্যবাসী তথা দেশবাসীক ইয়াত ছাইন-ইন কৰি মুখ্যমন্ত্ৰীৰ সাহায্য পুঁজিলৈ বৰঙণি আগবঢ়োৱাৰ বাবে আহ্বান জনাইছিল।
ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা প্ৰায় ৩৮ হাজাৰ লোকে এই অভিযানত ছাইন ইন কৰি বানাক্ৰান্তক সহায়ৰ বাবে প্ৰকাৰন্তৰে হাত আগবঢ়ায়। আৰু মঙলবাৰে অমৃত চিমেণ্ট লিমিটেডৰ জেনেৰেল মেনেজাৰ ফাইনাঞ্চ মনোজ লহিয়া অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ হাতত ১১ লাখ ৮০ হাজাৰ টকাৰ এখন চেক বান সাহায্য হিচাপে প্ৰদান কৰে।
Guwahati | Edited by: Dulu Medhi | First Published: Aug 14, 2019