দক্ষিণ ভাৰতীয় ছুপাৰষ্টাৰ প্ৰভাশৰ ছবি ছাহোৰ বাবে এতিয়া অপেক্ষাৰত ছবিপ্ৰেমীসকল। একছনৰে পৰিপূৰ্ণ ছাহোৰ সম্পূৰ্ণ বাজেট হ’ল ৩৫০ কোটি। সূত্ৰ অনুসৰি ৩৫০ কোটি টকাৰে নিৰ্মাণ কৰা ছবিখন মুক্তি নহওঁতেই উপাৰ্জন কৰিলে ৩২০ কোটি টকা।

দক্ষিণ ভাৰতীয় ছুপাৰষ্টাৰ প্ৰভাশৰ ছবি ছাহোৰ বাবে এতিয়া অপেক্ষাৰত ছবিপ্ৰেমীসকল। ছবিখন চলিত মাহৰ ৩০ আগষ্টতে মুক্তি পাব। ছাহোৰ VFX, ষ্টাণ্ট আৰু ফাইট ছিকুৱেঞ্চ অসাধাৰণ। একছনৰে পৰিপূৰ্ণ ছাহোৰ সম্পূৰ্ণ বাজেট হ’ল ৩৫০ কোটি। সূত্ৰ অনুসৰি ৩৫০ কোটি টকাৰে নিৰ্মাণ কৰা ছবিখন মুক্তি নহওঁতেই উপাৰ্জন কৰিলে ৩২০ কোটি টকা।
মিডিয়া ৰিপ’ৰ্ট অনুসৰি নিৰ্মাতাই ছাহোৰ থিয়েট্ৰিকেল ৰাইটছ বিক্ৰী কৰিছে ৩২০ কোটি টকাত। নিৰ্মাতাই ছাহোৰ একছন দৃশ্য আৰু VFXৰ সৈতে কোনোধৰণৰ বুজাবুজি কৰা নাই। বৰ্তমান ছাহোৰ ছেটেলাইট আৰু OTT প্লেটফৰ্ম ৰাইটছ বিক্ৰী হ’বলৈ আছে বাকী। বাহুৱলীৰ পিছতে মুক্তি পাবলগীয়া প্ৰভাশৰ এইখন প্ৰথম ছবি।
এতিয়া প্ৰভাশ ব্যস্ত হৈ পৰিছে ছাহোৰ প্ৰমছনৰ বাবে। ছাহোৰ বাবে অভিনেতা প্ৰভাশে লৈছে ১০০ কোটি টকা। ইয়াৰ লগে লগে প্ৰভাশ হৈ পৰিছে ইণ্ডিয়াৰ দামী তাৰকা।