21 C
Guwahati
Sunday, October 24, 2021
More

    নাগৰিকত্ব সংশোধনী বিধেয়কঃ ৫টা কথাৰে অমিত শ্বাহে কংগ্ৰেছৰ উদঙালে আচল স্বৰূপ

    কংগ্ৰেছে যদি ধৰ্মৰ আধাৰত দেশৰ বিভাজন নকৰিলে হয় তেন্তে আজি এইটো দিন চাবলৈ নালাগিল হয়

    যথেষ্ট হুলস্থুলৰ মাজতে সোমবাৰে লোকসভাত উত্থাপন হ’ল নাগৰিকত্ব সংশোধনী বিধেয়ক। বিলখন উত্থাপন হোৱাৰ লগে লগে কংগ্ৰেছে চৰকাৰৰ বিৰুদ্ধে উত্থাপন কৰিলে কেইবাটাও অভিযোগ। কংগ্ৰেছৰ অধীৰ ৰঞ্জন চৌধুৰীয়ে এই বিলখন সংখ্যালঘূসকলৰ বিৰুদ্ধে বুলি আখ্যা দিয়ে। প্ৰায় ১ ঘণ্টালৈ এই সন্দৰ্ভত তীব্ৰ মতানৈক্য হয় যে বিধেয়কখন সদনত উত্থাপন কৰিব পাৰি নে নোৱাৰি। পিছত এই বিধেয়কখন উত্থাপন কৰাৰ প্ৰক্ৰিয়াক ভোটিং কৰা হ’ল য’ত চৰকাৰে পালে ২৯৩টা ভোট।

    ১. ধৰ্মৰ আধাৰত হৈছে দেশৰ বিভাজন

    অমিত শ্বাহে কংগ্ৰেছক কটাক্ষ কৰি বিভাজনৰ কথা উচ্চাৰণ কৰিলে। তেওঁ ক’লে এইখন দেশৰ বিভাজন ধৰ্মৰ আধাৰত কৰা হৈছে। ইয়াৰ বাবে দায়ী কংগ্ৰেছ। কংগ্ৰেছে যদি ধৰ্মৰ আধাৰত দেশৰ বিভাজন নকৰিলে হয় তেন্তে আজি এইটো দিন চাবলৈ নালাগিল হয়। চুবুৰীয়া দেশত মুছলমানৰ বিৰুদ্ধে ধাৰ্মিক প্ৰতাৰণা নহয়, সেইবাবে এই বিলখনৰ লাভ তেওঁলোকে উঠাব নোৱাৰিব।

    ২. বাংলাদেশৰ লোকক নাগৰিকত্ব প্ৰদান কৰিলে পাকিস্তানক কিয় নিদিয়ে?

    অমিত শ্বাহে কংগ্ৰেছক লক্ষ্য কৰি প্ৰাক্তন প্ৰধানমন্ত্ৰী ইণ্ডিৰা গান্ধী আৰু ৰাজীৱ গান্ধীৰ সিদ্ধান্তক স্মৰণ কৰিলে। তেওঁ কংগ্ৰেছক প্ৰশ্ন কৰিলে যে ১৯৭১ত ইণ্ডিৰা গান্ধীয়ে নিৰ্ণয় লৈছিল যে বাংলাদেশৰ পৰা যিমান লোক আহিছিল, আটাইকেইজনক নাগৰিকত্ব প্ৰদান কৰা হওক, তেন্তে পাকিস্তানৰ পৰা অহা লোকসকলক কিয় প্ৰদান কৰা নহ’ল? লগতে ক’লে যে সদনৰ নিয়ম ৭২(১)ৰ হিচাপত এই বিধেয়কখনে কোনোধৰণৰ অনুচ্ছেদৰ উলংঘন কৰা নাই।

    ৩. য়ুগাণ্ডাৰ লোকক নাগৰিকত্ব তেন্তে ইংলেণ্ডৰ লোকক কিয় নহয়?

    অমিত শ্বাহে কংগ্ৰেছৰ প্ৰশ্ন কৰিলে যে যেতিয়া অনুচ্ছেদ ১৪ য়েই আছিল তেন্তে বাংলাদেশে কিয়? আজিও বাংলাদেশত সংখ্যালঘূসকলক বাচি-বাচি হত্যা কৰা হৈ আছে। তেওঁ কংগ্ৰেছৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰি ক’লে যে য়ুগাণ্ডাৰ পৰা অহা প্ৰতিজন লোকক কংগ্ৰেছৰ শাসনত নাগৰিকত্ব প্ৰদান কৰা হৈছিল, তেতিয়া ইংলেণ্ডৰ পৰা অহা লোকসকলক কিয় দিয়া নহ’ল? পিছত শাস্তি আইন আনি নাগৰিকত্ব প্ৰদান কৰা হ’ল। ইয়াৰ পিছত ৰাজীৱ গান্ধীয়ে কৰিলে অসম চুক্তি।

    ৪. সংখ্যালঘূসকলৰ বাবে বিশেষ অধিকাৰ তেন্তে সেয়া সমানতা কেনেকৈ হ’ব?
    অমিত শ্বাহে ক’লে যে বিশ্বজুৰি দেশ পৃথক-পৃথক আধাৰত নাগৰিকত্ব প্ৰদান কৰে। প্ৰতিখন দেশে যুক্তিকৰ শ্ৰেণীৰ আধাৰত নাগৰিকত্ৱ প্ৰদান কৰে। যেতিয়া কোনে এখন দেশে কয় যে গ্ৰীণ কাৰ্ড সেইখন দেশত বিনিয়োগ কৰা লোকসকলে লাভ কৰে। সেইসকল লোকে নাগৰিকত্ব লাভ কৰিব যিয়ে দেশত বিনিয়োগ কৰে তেন্তে তাত সমানতাৰ সংৰক্ষণ হ’ব পাৰে জানো?

    ৫. নেহৰু লিয়াকত চুক্তিৰ পালন নহ’ল

    অমিত শ্বাহে ক’লে যে ১৯৫০ত নেহৰু লিয়াকত চুক্তি হৈছিল। এই চুক্তিৰ আধাৰত দুয়োখন দেশে নিৰ্ধাৰণ কৰিছিল যে তেওঁলোকে তাত সংখ্যালঘূসকলক সংৰক্ষণ দিব। ভাৰতত ইয়াক গুৰুত্বপূৰ্ণভাৱে পালন কৰিছিল কিন্তু পাকিস্তানত সংখ্যালঘূসকলৰ কি অৱস্থা সেয়া সমগ্ৰ দেশে জানে। ভাৰতৰ চুবুৰীয়া দেশ পাকিস্তান, আফগানিস্তান আৰু বাংলাদেশত হিন্দু, বৌদ্ধ, জৈন, শিখ, খ্ৰীষ্টিয়ান প্ৰতিটো ধৰ্মালম্বীৰ বিৰুদ্ধে ধাৰ্মিক প্ৰতাৰণা হৈছে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং