28 C
Guwahati
Wednesday, October 27, 2021
More

    মুছলমানসকলে চিন্তা কৰাৰ প্ৰয়োজন নাই, তেওঁলোক নাগৰিক আছিল, আছে আৰু থাকিবঃ অমিত শ্বাহ

    গৃহ মন্ত্ৰীগৰাকীয়ে ক'লে যে এই বিলখনৰ আধাৰত যমৰ যাতনা ভুগি থকা কোটি কোটি লোকৰ মনত নতুন আশা সঞ্চাৰ হ'ব

    বুধবাৰে ৰাজ্যসভাত গৃহ মন্ত্ৰী অমিত শ্বাহে নাগৰিকত্ব সংশোধনী বিধেয়ক উত্থাপন কৰিলে। অমিত শ্বাহে ক’লে যে এই বিলখনৰ বিৰুদ্ধে বিভ্ৰান্তিৰ সৃষ্টি কৰিছে। এই বিলখন মুছলমানবিৰোধী বুলি কৈ বিশৃংখলতাৰ সৃষ্টি কৰিছে। এইখন দেশত মুছলমানসকলৰ বাবে কোনো চিন্তাৰ বিষয় নাই। তেওঁলোক নাগৰিক আছিল, আছে আৰু থাকিব। মুছলমান লোকসকল কোনো লোকৰ চক্ৰান্তৰ বলি নহ’ব। তেওঁলোকক কোনেও প্ৰতাৰণা নকৰে।

    গৃহ মন্ত্ৰীগৰাকীয়ে ক’লে যে এই বিলখনৰ আধাৰত যমৰ যাতনা ভুগি থকা কোটি কোটি লোকৰ মনত নতুন আশা সঞ্চাৰ হ’ব। বিভাজনৰ পিছত আমাৰ কল্পনা আছিল যে যিসকল নাগৰিক ইয়াত সংখ্যালঘূ হিচাপে বাস কৰে আৰু যিসকল চুবুৰীয়া দেশত সংখ্যালঘূ হয় তেওঁলোকে সন্মানেৰে জীৱন জীয়াব পাৰিব। নিজৰ ধৰ্মৰ সন্মানেৰে পালন কৰিব নিজৰ পৰিয়ালৰ সুৰক্ষা কৰিব পাৰিব। কিন্তু এইটা সঁচা কথা যে বাংলাদেশ, পাকিস্তান আৰু আফগানিস্তানত সংখ্যালঘূসকলে সন্মান লাভ কৰিব পৰা নাই। তাত সংখ্যালঘূসকল প্ৰতাৰণাৰ বলি হৈছে।

    অমিত শ্বাহে ক’লে যে পাকিস্তান আৰু সেই সময়ৰ পূব পাকিস্তান(বৰ্তমান বাংলাদেশ)ত প্ৰায় ২০-২০ শতাংশ সংখ্যালঘূৰ সংখ্যা হ্ৰাস পাইছে। ক’ত গ’ল সেইসকল লোক, হত্যা কৰা হৈছে অথবা ধৰ্ম পৰিৱৰ্তন হৈছে বা তেওঁলোক শৰণাৰ্থী হৈ নিজৰ ধৰ্ম আৰু সন্মান ৰক্ষা কৰিবলৈ ভাৰতলৈ আহিছিল।

    অমিত শ্বাহে ক’লে যে যিসকল লোকে কয় আছে যে আমি ভোটবেংকৰ ৰাজনীতি কৰি আছো, মই তেওঁলোকক ক’ব বিচাৰো যে আমি নিৰ্বাচনৰ পূৰ্বে আমাৰ এই পৰিকল্পনা দেশৰ সন্মুখত প্ৰকাশ কৰিছিলো আৰু সেয়া দেশৰ জনতাই সমৰ্থন কৰিছিল। এই বিলৰ জৰিয়তে আমি ৩খন দেশ পাকিস্তান, বাংলাদেশ আৰু আফগানিস্তানৰ ধাৰ্মিক সংখ্যালঘূসকলক সংৰক্ষিত কৰি তেওঁলোকক নাগৰিকত্ব প্ৰদান প্ৰক্ৰিয়া সংশোধন কৰিম।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং