32 C
Guwahati
Saturday, October 9, 2021
More

    কামাখ্যা মন্দিৰ দৰ্শন কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ

    নেডাৰ বৈঠকত পুৱা প্ৰায় ১১ বজাৰ পৰা অংশগ্ৰহণ কৰি আবেলি পুনৰ দিল্লী অভিমুখে ৰাওনা হ’ব

    আজি কামাখ্যা মন্দিৰ দৰ্শন কৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহে। কেন্দ্ৰীয় গৃহ মন্ত্ৰীগৰাকীক সংগ দিছে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল আৰু মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দেওবাৰে দুদিনীয়া ভ্ৰমণসূচীৰে গুৱাহাটীত উপস্থিত হৈছে অমিত শ্বাহ।

    আজি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰেক্ষাগৃহত আয়োজিত হ’বলগীয়া নেডাৰ বৈঠকত পুৱা প্ৰায় ১১ বজাৰ পৰা অংশগ্ৰহণ কৰি আবেলি পুনৰ দিল্লী অভিমুখে ৰাওনা হ’ব৷

    দেওবাৰে বৰঝাৰ বিমানবন্দৰত গৃহ মন্ত্ৰী অমিত শ্বাহক উষ্ম আদৰণি জনাইছিল মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, ৰাজ্যিক সভাপতি ৰঞ্জিত দাস, মন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, সিদ্ধাৰ্থ ভট্টাচাৰ্য আৰু ৰমেন ডেকাৰ লগতে কেইবাগৰাকীও বিজেপি নেতা-কৰ্মীয়ে।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং