31 C
Guwahati
Saturday, October 1, 2022
More

    কৰ’ণা ভাইৰাছৰ আতংক; হোলীৰ পৰা দূৰত থাকিব অমিত শ্বাহ

    প্ৰতিবছৰে হোলীৰ সময়ত অমিত শ্বাহে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰি হোলীৰ আনন্দ প্ৰকাশ কৰি আহিছে

    এইবাৰ ৰঙৰ উৎসৱ ফাকুৱা নেখেলে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে। টুইট কৰি এই কথা সদৰী কৰিলে কেন্দ্ৰীয় গৃহমন্ত্ৰীয়ে। তেওঁ লিখিছে- আমাৰ ভাৰতীয় লোক সকলৰ বাবে হোলী অতি গুৰুত্বপূৰ্ণ উৎসৱ।কিন্তু এতিয়া কৰ’ণা ভাইৰাছ ভাৰত পালেহি সেয়ে এইবাৰ মই হোলী নেখেলাৰ সিদ্ধান্ত গ্ৰহণ কৰিছো। মই সকলোকে আহ্বান জনাইছো জনসমাগমৰ পৰা দূৰত থাকক আৰু নিজৰ লগতে পৰিয়ালৰ প্ৰতিও সতৰ্কতাৰে ধ্যান ৰাখক।

    উল্লেখ্য যে প্ৰতিবছৰে হোলীৰ সময়ত অমিত শ্বাহে কেইবাটাও অনুষ্ঠানত অংশগ্ৰহণ কৰি হোলীৰ আনন্দ প্ৰকাশ কৰি আহিছে। চৌদিশে এতিয়া মাথো কৰ’ণা ভাইৰাছৰ আতংক। ইতিমধ্যে ভাৰতত প্ৰৱেশ কৰিলে এই মাৰাত্মক ভাইৰাছবিধে।এতিয়ালৈকে ভাৰতৰ ২৮জন লোকৰ দেহত কৰ’ণা ভাইৰাছ ধৰা পৰা বুলি সদৰী কৰিছে কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰী হৰ্ষবৰ্দ্ধনে।

    Photo Credit: DNA India

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং