26 C
Guwahati
Saturday, October 1, 2022
More

    অমিত শ্বাহৰ স্বাস্থ্যক লৈ উৰাবাতৰি বিয়পোৱাৰ অভিযোগত ৪জন লোকক গ্ৰেপ্তাৰ

    গৃহমন্ত্ৰী অমিত শ্বাহে ক'লে, 'বিগত কিছু দিন ধৰি ছচিয়েল মিডিয়াৰ মাধ্যমেৰে কেইজমান বন্ধুই মোৰ স্বাস্থ্যৰ বিষয়ে মনেৰচা উৰাবাতৰি বিয়পাই আছে। কেৱল এয়াই নহয় কেইবাজনো লোকে মোৰ মৃত্যুৰ বাবেও ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছে

    বিগত কেইবাদিনো ধৰি কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহৰ স্বাস্থ্যক লৈ ছচিয়েল মিডিয়াত পৃথক-পৃথক উৰাবাতৰি দেখা পোৱা গৈছিল। কিন্তু অমিত শ্বাহে এইটো স্পষ্ট কৰিলে যে তেওঁ সম্পূৰ্ণভাৱে সুস্থ। ইপালে উৰাবাতৰি বিয়পোৱাৰ অভিযোগত ৪জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ৪জন লোককে গুজৰাটৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে। ইয়াৰে ২জন লোকক আহমেদাবাদৰ পৰা আৰু দুজনক ভাওনগৰৰ পৰা গ্ৰেপ্তাৰ কৰা হৈছে।

    ঘটনা সন্দৰ্ভত ক্ৰাইম ব্ৰাঞ্চৰ Special CP অজয় তোমৰে ক’লে যে এইটো জানিবলৈ পোৱা গৈছে যে কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ নামত এটা ভুৱা পোষ্ট তৈয়াৰ কৰি পৃথক পৃথক গ্ৰুপত দিয়া হৈছিল। এই ঘটনাত যিসকল লোকৰ ভূমিকা পোহৰলৈ আহিছে তাৰে আহমেদাবাদৰ পৰা ফিৰোজ খান পঠান আৰু ছৰফৰাজ মেমনৰ নাম অন্তৰ্ভুক্ত। আনহাতে ভাওনগৰৰ পৰা ছজাদ আলী আৰু ছহজাদ হুছেইনৰ নাম অন্তৰ্ভুক্ত।

    আৰক্ষীয়ে ক’লে যে ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত। লগতে ইয়াৰো তদন্ত কৰা হৈছে যে এই ভুৱা পোষ্টটো কোনে প্ৰস্তুত কৰিছে আৰু কি উদ্দ্যেশ্যৰে কৰা হৈছে। সেই লোকজনকো শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ’ব। আহমেদাবাদ ক্ৰাইম ব্ৰাঞ্চে বৰ্তমান আইটি এক্ট ৬৬চিৰ আধাৰত তদন্ত অভিযান আৰম্ভ কৰিছে।

    স্বাস্থ্যক লৈ বিয়পোৱা উৰাবাতৰি সন্দৰ্ভত অমিত শ্বাহে নিজে উত্তৰ দিলে। গৃহমন্ত্ৰী অমিত শ্বাহে ক’লে, ‘বিগত কিছু দিন ধৰি ছচিয়েল মিডিয়াৰ মাধ্যমেৰে কেইজমান বন্ধুই মোৰ স্বাস্থ্যৰ বিষয়ে মনেৰচা উৰাবাতৰি বিয়পাই আছে। কেৱল এয়াই নহয় কেইবাজনো লোকে মোৰ মৃত্যুৰ বাবেও ভগৱানৰ ওচৰত প্ৰাৰ্থনাও জনাইছে।

    Photo credit: siasat.com

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং