27 C
Guwahati
Wednesday, June 29, 2022
More

    Breaking: ৩দিনৰ বাবে CIDৰ জিম্মালৈ প্ৰেৰণ বিধায়ক আমিনুল ইছলামক

    ৭ এপ্ৰিলত নগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু ৯ এপ্ৰিলত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল বিধায়কগৰাকীক

    CIDৰ জিম্মালৈ প্ৰেৰণ বিধায়ক আমিনুল ইছলামক। CID-এ ৰুজু কৰা ৫/২০২০ নম্বৰ গোচৰত নিজৰ জিম্মাত ল’লে বিধায়কজনক। জামিন নাকচৰ পিছতে ধিঙৰ বিধায়কগৰাকীক CIDৰ জিম্মালৈ প্ৰেৰণ কৰা হৈছে। বিধায়কগৰাকীক বৰ্তমান লৈ অনা হৈছে গুৱাহাটীলৈ। সাম্প্ৰদায়িক মন্তব্য কৰি গ্ৰেপ্তাৰ হৈছিল ধিঙৰ AIUDF বিধায়কগৰাকী। ৭ এপ্ৰিলত নগাঁৱৰ বাসগৃহৰ পৰা গ্ৰেপ্তাৰ কৰিছিল আৰু ৯ এপ্ৰিলত ১৪ দিনৰ বাবে ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰা হৈছিল বিধায়কগৰাকীক।

    বিধায়ক আমিনুল ইছলামৰ বিৰুদ্ধে নিজাববীয়াকৈ গোচৰ ৰুজু কৰে CIDয়ে। ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰা হৈছে বিধায়কজনৰ বিৰুদ্ধে। CID PS CN: 5/2020 u/s 120(B), 153(a) (b) আৰু 295(A), 505 IPC R, W 67 IT Actত গোচৰ ৰুজু আমিনুল ইছলামৰ বিৰুদ্ধে।

    Photo: Time8

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং