25 C
Guwahati
Thursday, October 21, 2021
More

    পিয়াঁজৰ মালা হাতত লৈ পিন্ধাবলৈ আমিনুল ইছলামে কাক বিচাৰি ফুৰিছে বিধানসভাত?

    এতিয়া বিৰাট কোহলীৰ চেঞ্চুৰীৰ দৰে পিয়াঁজেও চেঞ্চুৰি কোবাইছে, তাৰ পিছতে পূৰ্বে পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ কৰাসকলৰ সন্ধান নাই, 'পিয়াঁজ বাবা কি জয়' বুলি কৈ দামবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে চৰকাৰক সমালোচনা আমিনুল ইছলামৰ

    ৰাজ্যত পিঁয়াজৰ মূল্যবৃদ্ধিয়ে জলাকলা খুৱাইছে সৰ্বসাধাৰণক। প্ৰতিকেজি পিঁয়াজৰ মূল্যই চুইছে এতিয়া শতকৰ ঘৰ। তাৰ মাজতেই বৃহস্পতিবাৰৰ পৰা আৰম্ভ হৈছে বিধানসভাৰ শীতকালীন অধিবেশন। অধিবেশনৰ দ্বিতীয় দিনটোত পিঁয়াজৰ মূল্যবৃদ্ধিক ইছ্যু হিচাপে লৈ প্ৰতিবাদ সাব্যস্ত কৰে কংগ্ৰেছ বিধায়কসকলে। ডিঙিত পিঁয়াজৰ মালা পিন্ধি বিধানসভালৈ আহিল ৰূপজ্যোতি কুৰ্মী, কমলাক্ষ দে পুৰকায়স্থকে ধৰি কেইবাজনো বিধায়ক।

    আমিনুল ইছলাম

    ইফালে কংগ্ৰেছৰ এই প্ৰতিবাদৰ মাজতে AIUDFৰ বিধায়ক আমিনুল ইছলামে পিয়াঁজৰ মালা প্ৰস্তুত কৰি BJPৰ বিধায়কসকলক পিন্ধাবলৈ বিচাৰি ফুৰে বিধানসভাত। ‘এটা সময়ত পিয়াঁজৰ মালা লৈ প্ৰতিবাদ কৰিছিল বিজেপি বিধায়কসকলে কিন্তু এতিয়া পিয়াঁজৰ মূল্য ১০০ টকা হ’বলৈ গৈ আছে কিন্তু নিমাত হৈ আছে চৰকাৰ। সেইকাৰণে বিধানসভাত ৰাজহুৱাভাৱে পিয়াঁজ বিতৰণ কৰাৰ দাবী জনাই বিধায়কগৰাকীয়ে।

    পূৰ্বে ৬০ টকা হওঁতে পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ কৰাসকলৰ সন্ধানত বিধায়ক আমিনুল ইছলাম। এতিয়া বিৰাট কোহলীৰ চেঞ্চুৰীৰ দৰে পিয়াঁজেও চেঞ্চুৰি কোবাইছে, তাৰ পিছতে পূৰ্বে পিয়াঁজৰ মালা পিন্ধি প্ৰতিবাদ কৰাসকলৰ সন্ধান নাই, ‘পিয়াঁজ বাবা কি জয়’ বুলি কৈ দামবৃদ্ধি ৰোধ কৰিব নোৱাৰাৰ বাবে চৰকাৰক সমালোচনা আমিনুল ইছলামৰ।

    ‘কংগ্ৰেছ আজি হতাশাগ্ৰস্ত সেয়ে বিধানসভালৈ পিয়াঁজৰ মালা পিন্ধি আহিছে, তেওঁলোকৰ দিনত পিয়াঁজ ১২০ টকা হৈছিল,
    কংগ্ৰেছৰ এতিয়া দলপতি কোন তেওঁলোকে নাজানে, পুৱা এজন, দুপৰীয়া এজন আৰু গধূলি আন এজন কংগ্ৰেছৰ দলপতি হয়।’- এই বুলি প্ৰতিক্ৰিয়া প্ৰকাশ ভৱেশ কলিতাৰ।

    ভৱেশ কলিতা

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং