আহোম বিতৰ্কৰ পিছত প্ৰথমবাৰলৈ উত্তৰ অসমলৈ আহিল ধিঙৰ বিধায়ক আমিনুল ইছলাম। মোক ভুল নুবুজিব, মই আহোমৰ শত্ৰু নহয়। মই আহোমৰ বিৰুদ্ধে কোনো বক্তব্য দিয়া নাই। মই ভয় খাই ক্ষমা খোজা নাই।
বিজেপিয়ে মোৰ বক্তব্যক বিকৃত কৰি ৰাজনৈতিক ৰহন সানি নতুন ইচ্ছ্যু সৃষ্টি কৰিব বিচাৰিছিল। সেয়ে মই নিজে আটাছুৰ কাৰ্যালয়লৈ গৈ ক্ষমা বিচাৰিলো। আহোমৰ বিৰুদ্ধে বক্তব্য দিয়া ৰাজেন গোহাঁই, শিলাদিত্য দেৱৰ বক্তব্যৰ বিৰুদ্ধে প্ৰথমে ময়েই প্ৰতিবাদ কৰিছিলো।
চৰকাৰে মাদ্ৰাছা আৰু সংস্কৃত টোল বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰুদ্ধে মন্তব্য বিধায়ক আমিনুল ইছলামৰ। শংকৰ আজানৰ মাতৃভূমিত বিজেপিয়ে সাম্প্ৰদায়িক সংঘৰ্ষৰে তেজৰ ফাকু খেলিব বিচাৰিছে। মাদ্ৰাছাত আৰৱী শিক্ষাৰ জৰিয়তে অসমৰ হাজাৰ-হাজাৰ যুৱকে মধ্যপ্ৰাচ্যত চাকৰি কৰি আছে।
কেৱল মুছলমানক উদ্দেশ্য কৰি বিজেপিয়ে এটা ট্ৰাম কাৰ্ড খেলিবলৈ মাদ্ৰাছা বন্ধৰ সিদ্ধান্ত লৈছে। মাদ্ৰাছা ধৰ্মীয় শিক্ষানুষ্ঠান নহয়, মাদ্ৰাছাক কিয় ধৰ্মীয় দৃষ্টিৰে চাইছে হিমন্ত বিশ্ব শৰ্মাই?
হিমন্ত বিশ্ব শৰ্মা আৰু বিজেপিৰ নেতাসকলে নিজৰ চিন্তাশক্তি কেতিয়াবাই হেৰুৱাই পেলাইছে। তেওঁলোকৰ মগজুত এতিয়া নাগপুৰৰ পৰা শক্তি দিয়া হয়। মাদ্ৰাছা বন্ধৰ বিৰুদ্ধে সৰৱ ধিং সমষ্টিৰ AIUDFৰ বিধায়কজন।
Photo : Time8