ৰাজ্যৰ অপ্ৰশিক্ষণপ্ৰাপ্ত আৰু বাহন প্ৰশিক্ষণৰ প্ৰতি আগ্ৰহী চালক সকলৈ সু-খবৰ কঢ়িয়াই আনিছে ৰাজ্যৰ পৰিবহন বিভাগে৷ অতি শীঘ্ৰেই আমিনগাঁৱত স্থাপন হ’ব আন্তঃৰাষ্ট্ৰীয় উন্নত মানদণ্ড চালক প্ৰশিক্ষণ কেন্দ্ৰ। অসম চৰকাৰে পৰিবহন বিভাগলৈ আৱণ্টন দিছে ৬০ বিঘা ভূমি l
উন্নত চালক প্ৰশিক্ষণৰ বাবে উত্তৰ-পূৱত দীৰ্ঘদিন ধৰি দৈনিক ঘটি থকা ভয়ংকৰ পথ দুৰ্ঘটনা প্ৰতিৰোধৰ প্ৰতি লক্ষ্য ৰাখি পৰিবহণ বিভাগে আমিনগাঁৱত স্থাপন কৰিব আন্তঃৰাষ্ট্ৰীয় চালক প্ৰশিক্ষণ কেন্দ্ৰ। অসম চৰকাৰৰ নিৰ্দেশ মৰ্মে কামৰূপ জিলাৰ উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ চক্ৰ বিষয়া প্ৰণৱ দত্ত গোস্বামীয়ে আনুষ্ঠানিকভাৱে উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ অন্তৰ্গত শিলা সেন্দুৰী ঘোপা মৌজাৰ ৬০ বিঘা চৰকাৰী ভূমিৰ আবন্টন পত্ৰ জিলা পৰিবহণ বিষয়া গৌতম দাসৰ হাতত অৰ্পণ কৰে।

আনুষ্ঠানিকভাৱে চৰকাৰী ভূমি আৱণ্টন পত্ৰ লাভ কৰাৰ পাছতেই পৰিবহন বিষয়া গৌতম দাসৰ নেতৃত্বত জিলা পৰিবহণ বিভাগৰ এটি সজাতি দলে পৰিদৰ্শন কৰে পৰিবহণ বিভাগলৈ আৱণ্টন কৰা চৰকাৰী ভূমি। উল্লেখ্য শীঘ্ৰেই আৰম্ভ হ’বলগীয়া আন্তঃৰাষ্ট্ৰীয় চালক প্ৰশিক্ষণ কেন্দ্ৰটো নিৰ্মাণৰ দায়িত্ব ভাৰতীয় তেল নিগম আৰু বেচৰকাৰী প্ৰতিষ্ঠান অশোক লিলেণ্ডক অৰ্পণ কৰা হ’ব বুলিও ভূমি পৰিদৰ্শন কৰাৰ পাছতে এক সংবাদ মেল যোগে সংবাদ মাধ্যমক জানিবলৈ দিয়ে পৰিবহন বিষয়া গৰাকীয়ে।

আনহাতে ভূমি পৰিদৰ্শনৰ সময়ত উপস্থিত থাকে যান বাহন পৰিদৰ্শক জয়সিং ৰংফাৰ, নুইমুদ্দিন আহমেদ, উত্তৰ গুৱাহাটী ৰাজহ চক্ৰৰ মণ্ডল, কৰ্মচাৰী প্ৰমুখ্যে কেইবাগৰাকীও বিষয়া কৰ্মচাৰী। ইফালে অসমৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, স্থানীয় বিধায়ক তথা বিত্তমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাৰ এই বিশেষ পদক্ষেপে উত্তৰ পূৱৰ আগ্ৰহী চালকে সকলে উন্নত প্ৰশিক্ষণ পাবলৈ সক্ষম হোৱাৰ লগতে আৰু আগন্তুক দিনত ৰাজ্যত যথেষ্ট পৰিমাণে পথ দুৰ্ঘটনা হ্ৰাস হ’ব বুলি সাংবাদিকৰ আগত মতপোষণ কৰে জিলা পৰিবহন বিষয়া গৌতম দাসে ।