27 C
Guwahati
Monday, October 3, 2022
More

    আজব দেশৰ গজব খবৰ; অসমত এম্বুলেঞ্চৰ ভিতৰত ৰোগীৰ সলনি ওলাল সুৰা

    সুৰা সৰবৰাহ কৰা এম্বুলেঞ্চখনৰ নম্বৰ AS 23 CC 2861

    কৰ’ণা ভাইৰাছ সংক্ৰমণ ৰোধৰ উদ্দেশ্যেৰে দেশজুৰি লকডাউন চলি থকাৰ মাজতে অসমত এক অদ্ভূদ কাণ্ডই চকু কপালত তুলিছে আৰক্ষীৰ। এম্বুলেঞ্চৰ ভিতৰত ৰোগীৰ সলনি ওলাল সুৰা। আৰক্ষীয়ে জব্দ কৰে সুৰাভৰ্তি এম্বুলেঞ্চ। এই ঘটনাই এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

    এই আজব ঘটনা সংঘটিত হৈছে তিনিচুকীয়াৰ পেঙেৰীৰ ব্ৰহ্মাজানত। পেঙেৰী আৰক্ষীয়ে অভিযান চলাই ব্ৰহ্মাজানৰ পৰা উদ্ধাৰ কৰিছে সুৰাভৰ্তি এম্বুলেঞ্চখন।

    এম্বুলেঞ্চখনৰ লগতে আৰক্ষীয়ে আটক কৰিছে চালকসহ সুৰা সৰবৰাহকাৰী। সুৰা সৰবৰাহৰ লগত জড়িত কেইজন ক্ৰমে কাকপথাৰৰ বিপিন মৰাণ, তিনিচুকীয়া গেলাপুখুৰীৰ কৃষ্ণ নেওগ আৰু তিনিচুকীয়া বৰদলৈ নগৰৰ উৎপল শৰ্মা বুলি জানিব পৰা গৈছে। সুৰা সৰবৰাহ কৰা এম্বুলেঞ্চখনৰ নম্বৰ AS 23 CC 2861।

    Photo credit: @keshab-mahanta

    Published:

    10 COMMENTS

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং