19 C
Guwahati
Tuesday, December 7, 2021
More

    বৰপেটাত জঘন্য কাণ্ড, ৫০উৰ্ধৰ লম্পটৰ কামনাৰ বলি ৮ বছৰীয়া নাবালিকা

    এক অতিকে জঘন্য কাণ্ড সংঘটিত হৈছে বৰপেটা জিলাৰ সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়াত। পঞ্চাশোৰ্ধৰ বয়সৰ এগৰাকী লম্পটৰ কামনাৰ বলি হ’ল এটি আঠ বছৰীয়া নাবালিকা।

    লম্পট হৰমুজ আলীৰ বিৰুদ্ধে উঠিছে নাবালিকাক বলাৎকাৰ কৰা অভিযোগ।

    লম্পট সৰ্থেবাৰী আৰক্ষী থানাৰ অন্তৰ্গত মাজদিয়া গাঁৱৰ বুলি জানিব পৰা গৈছে।

    একে গাঁৱৰে দ্বিতীয় শ্ৰেণীৰ ৮ বছৰীয়া ছাত্ৰীগৰাকীক হৰমুজ আলীয়ে নিজৰ ঘৰলৈ টি ভি দেখুৱাব বুলি ফুচুলাই নি বলাৎকাৰ কৰাৰ অভিযোগ উত্থাপিত হৈছে।

    যোৱা ২৫ জুনত সংঘটিত হয় এই জঘন্য ঘটনা।

    ২৭ জুনত ছাত্ৰীগৰাকীৰ অভিভাৱকে মাজদিয়া আৰক্ষী চকীত লম্পট হৰমুজ আলীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিছিল।

    যদিও বৰ্তমানেও আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হোৱা নাই হৰমুজ আলীক। সম্প্ৰতি পলাতক হৈ আছে হৰমুজ আলী।

    সৰ্থেবাৰী আৰক্ষী থানাত 219/2020 নম্বৰত আৰু পোকচো আইনৰ অধীনত হৰমুজ আলীৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ।

    অতি শীঘ্ৰেই লম্পট হৰমুজ আলীক গ্ৰেপ্তাৰ কৰি উচিত শাস্তি প্ৰদান কৰিবলৈ প্ৰশাসনলৈ দাবী জনাইছে স্থানীয় ৰাইজে। আনহাতে একাংশ লোকে হৰমুজ আলীক ফাঁচী দিয়াৰো দাবী উত্থাপন কৰিছ

    Photo Credit: @maidulislam

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং