27 C
Guwahati
Friday, September 30, 2022
More

    নৈশবাছত মহিলা সাংবাদিকক যৌন নিৰ্যাতন, এজনক গ্ৰেপ্তাৰ কৰে আৰক্ষীয়ে

    পুৱতিনিশা প্ৰায় ৩ বজাত দেৰগাঁও চাৰিআলিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাহুল খাটনিয়াৰক

    এইবাৰ নৈশবাছত নিৰ্যাতিত এগৰাকী মহিলা সাংবাদিক। গুৱাহাটিৰ পৰা দুলীয়াজানলৈ নৈশ বাছেৰে আহি থাকোতে সংঘটিত হৈছে এই ঘটনা। গুৱাহাটীৰ এখন দৈনিক বাতৰি কাকতৰ এগৰাকী মহিলা সাংবাদিক গুৱাহাটীৰ পৰা দুলীয়াজানলৈ আহি আছিল এখন নৈশ বাছত। বাছখনত আহি থকা অৱস্থাতেই মহিলা সাংবাদিকগৰাকীৰ কাষৰ চিটত বহা এজন লোকে সংঘটিত কৰিলে নিৰ্লজ্জ কাণ্ড।

    কাষৰ চিটত বহি ভুক্তভোগী মহিলা সাংবাদিকগৰাকীৰ শৰীৰত হাত দিয়াৰ অভিযোগ ৰাহুল খাটনিয়াৰ নামৰ লম্পটটোৰ বিৰুদ্ধে। অৱশেষত পুৱতিনিশা প্ৰায় ৩ বজাত দেৰগাঁও চাৰিআলিত আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৰাহুল খাটনিয়াৰক। নিশাই মহিলা সাংবাদিকগৰাকীয়ে দেৰগাঁও থানাত দাখিল কৰিছে এজাহাৰ।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং