তিনিচুকীয়াত গৌৰীশংকৰ গগৈ নামৰ এজন চকু চিকিৎসকৰ বিৰূদ্ধে যৌন নিৰ্যাতনৰ অভিযোগ উত্থাপন কৰিছে এগৰাকী যুৱতীয়ে। চেম্বাৰত কোনো নথকা সুযোগ লৈ চকু চিকিৎসকজনে যুৱতীক চলাইছিল নিৰ্যাতন।
ভুক্তভোগী যুৱতীগৰাকীৰ পৰিয়ালে চিকিৎসকগৰাকীৰ বিৰূদ্ধে তিনিচুকীয়া থানাত তৰিলে গোচৰ। বৰ্তমান সন্ধানহীন নিৰ্যাতিতা যুৱতীগৰাকী।
যুৱতীগৰাকীয়ে ঘটনা সন্দৰ্ভত লিখি থৈ গৈছিলএখন নোট। নোটত লিখিছিল- ১৫ অাগষ্টত চিকিৎসক গৌৰীশংকৰ গগৈয়ে যুৱতীগৰাকীক ব্যক্তিগত চেম্বাৰত কোনো নথকা অৱস্থাত মাতি পঠিয়াইছিল। চেম্বাৰৰ পৰা ঘূৰি অাহি যুৱতীগৰাকীয়ে চিকিৎসক গগৈৰ সম্পূৰ্ণ কু-কৰ্ম সুৱচনী পথৰ দত্ত গালছ্ হোষ্টেলত একেলগে থকা বান্ধৱীৰ অাগত বিৱৰণ কৰিছিল।
তাৰ পিছৰপৰা সন্ধানহীন হৈছিল যুৱতীগৰাকী। ঘটনা সন্দৰ্ভত অাৰক্ষীৰ তদন্ত অাৰম্ভ। হোষ্টেলখনৰ কোঠাৰ পৰা যুৱতীগৰাকীয়ে পিন্ধি যোৱা ফাটি যোৱা কাপোৰ উদ্ধাৰ কৰে।