এগৰাকী বিধায়ক, যিগৰাকী বিধায়ক প্ৰায়েই ব্যতিক্ৰমী কাৰ্য-কলাপৰ বাবে সংবাদমাধ্যমৰ চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰে। এইবাৰ পুনৰ ব্যতিক্ৰমী ৰূপত দেখা গ’ল কংগ্ৰেছী বিধায়কগৰাকীক। নীলা জাৰ্চী পিন্ধি ফুটবল খেলাত ব্যস্ত থকা দেখা গ’ল বিধায়ক ৰূপজ্যোতি কুৰ্মীক।

খেলপথাৰত দুভৰিত ফুটবল লৈ বিপক্ষৰ বিৰুদ্ধে তয়াময়া যুঁজত নামিলে মৰিয়নীৰ বিধায়কগৰাকীয়ে। মৰিয়নী ক্ৰীড়া সন্থাৰ বাপুজী ষ্টেডিয়াম খেলপথাৰত অনুষ্ঠিত হৈ থকা নন্দ বৰা আৰু ৰুবুল হাজৰিকা সোঁৱৰণি প্ৰাইজমনী ফুটবল টুৰ্নামেণ্টৰ উদ্ধোধনী খেলত অংশগ্ৰহণ কৰে বিধায়ক কুৰ্মীয়ে।

বিধায়ক গৰাকীয়ে নিজ দলৰ হৈ এটাও গ’ল দিব নোৱাৰিলে যদিও সুন্দৰ খেল প্ৰদৰ্শনে উপস্থিত দৰ্শকক আপ্লুত কৰিবলৈ সক্ষম হয়।