35 C
Guwahati
Wednesday, October 13, 2021
More

    ‘অল ইণ্ডিয়া ফেডাৰেচন অব টেক্স প্ৰেকটিচনাৰ্চ’ৰ উপ সঞ্চালক ৰূপে নিৰ্বাচিত গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰীতম বৰুৱা

    যোৰহাট কাছগঁৰালত জন্মগ্ৰহণ কৰা প্ৰীতম বৰুৱা দেশৰ ভিতৰতে কণিষ্ঠতম সদস্য যি এই গৌৰবপূৰ্ণ পদৰ বাবে নিৰ্বাচিত হৈছে

    গুৱাহাটী উচ্চ ন্যায়ালয়ৰ অধিবক্তা প্ৰীতম বৰুৱা অল ইণ্ডিয়া ফেডাৰেচন অব টেক্স প্ৰেকটিচনাৰ্চ,পূব মণ্ডলৰ ২০২০ আৰু ২০২১ বৰ্ষৰ উপ সঞ্চালক ৰূপে নিৰ্বাচিত হৈছে। যোৰহাট কাছগঁৰালত জন্মগ্ৰহণ কৰা প্ৰীতম বৰুৱা দেশৰ ভিতৰতে কণিষ্ঠতম সদস্য যি এই গৌৰবপূৰ্ণ পদৰ বাবে নিৰ্বাচিত হৈছে। উল্লেখযোগ্য যে, ১৯৭৬ চনত প্ৰখ্যাত আইনজ্ঞ নানি পালকিৱালাৰ উপস্থিতিত গঠন হোৱা এই সংস্থাটো দেশৰ ভিতৰতে কৰজীৱিসকলৰ বাবে সৰ্বোচ্চ সংস্থা।

    Photo Credit : @ Pritam Baruah

    সমগ্ৰ দেশৰ কৰ বিষয়ত জড়িত জ্যেষ্ঠ অধিবক্তা, অধিবক্তা, চাৰ্টাৰ্ড একাউন্টেন্ট ও কৰজীৱিসকল এই সংস্থাৰ সদস্য ৷ সংস্থাটো বৰ্তমান ৫ টা মণ্ডলেৰে গঠিত আৰু ইয়াৰ পূব মণ্ডলত পশ্চিমবংগ, ওড়িশা, বিহাৰ, ঝাৰখণ্ড, অসম আৰু বাকী উত্তৰ পূব ৰাজ্যসমূহ আৰু ছিক্কিম অন্তৰ্গত ৷ বিগত চাৰিটা দশকত সংস্থাটোৱে দেশত এটা শক্তিশালী কৰ সংস্থা গঠন কৰি বাণিজ্য, উদ্যোগ আৰু কৰ সম্পৰ্কীয় বিভিন্ন সমস্যাসমূহ চৰকাৰৰ লগত সহযোগ কৰি সমাধান কৰি আহিছে ৷

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং