27 C
Guwahati
Saturday, November 27, 2021
More

    শিলচৰ বিমান বন্দৰৰ পৰা বাতিল সকলো ধৰণৰ বিমান যাত্ৰা

    শিলচৰ বিমান বন্দৰ প্ৰাধিকৰণে টুইটাৰ যোগে সদৰি কৰে বিমান বাতিলৰ এই ঘোষণা

    আজিৰে পৰা দেশত আৰম্ভ হৈছে ঘৰুৱা বিমান যাত্ৰা। পিছে শিলচৰ বিমান বন্দৰ প্ৰাধিকৰণে আজি বাতিল কৰিলে সকলো ধৰণৰ বিমানৰ যাত্ৰা।

    দুমাহৰ অন্তত গুৱাহাটীৰ বৰঝাৰ বিমান বন্দৰত অৱতৰণ যাত্ৰীবাহী প্ৰথমখন বিমান।

    প্ৰথমখন ইণ্ডিগ’ বিমান অৱতৰণ কৰে বিমান বন্দৰত। মুঠ ৭৭জন যাত্ৰী উপস্থিত হয় বৰঝাৰ বিমান বন্দৰত।

    পিছে তাৰ বিপৰীতে আজি শিলচৰ বিমানবন্দৰৰ পৰা সকলো বিমান বাতিল কৰি দিয়া হৈছে।

    শিলচৰ বিমান বন্দৰ পৰা আজি কলিকতা আৰু গুৱাহাটীলৈ উৰা মাৰিব লগীয়া Air lndia(A1754) আৰু Spicejet(SG8169) নম্বৰৰ বিমান সেৱা বাতিল কৰা হৈছে।

    শিলচৰ বিমান প্ৰাধিকৰণে টুইটাৰ যোগে সদৰি কৰে এই ঘোষণা।

    লগতে যাত্ৰী সমূহকো বিমান সন্দৰ্ভত কিবা জানিবলগীয়া থাকিলে যোগাযোগ কৰাৰ বাবে আহ্বান জনাইছে।

    Photo Credit: silchar air port authority

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং