‘কা’ৰ বিৰুদ্ধে স্থিতি স্পষ্ট সদৌ অসম কৰ্মচাৰী পৰিষদৰ ৷ চৰকাৰৰ দমন নীতিৰ মাজতো ‘কা’ৰ বিৰুদ্ধে প্ৰতিবাদ কৰিব কৰ্মচাৰী পৰিষদে ৷ এই মন্তব্য সদৌ অসম কৰ্মচাৰী পৰিষদৰ সভাপতি বাসৱ কলিতাৰ৷ কামপুৰ এছ কে ভি হাইস্কুলত অনুষ্ঠিত হোৱা ৩৪ তম মুকলি অধিৱেশনত উপস্থিত থাকি সাংবাদিকৰ আগত এই মন্তব্য কৰে বাসৱ কলিতাই৷
চৰকাৰে যিমানেই দমন নীতি নচলাওক কিয় কৰ্মচাৰী পৰিষদে ‘কা’ বিৰোধী আন্দোলন চলাই যাব ৷ আনহাতে কৰ্মচাৰী পৰিষদৰ নৱ নিৰ্বাচিত সম্পাদক মৃণাল দাসে গণতান্ত্ৰিক অধিকাৰ সকলোৰে আছে বুলি মন্তব্য কৰি অনাগত দিনত চৰকাৰৰ কাম কাজত বাধা নোহোৱাকৈ প্ৰতিবাদ চলাই যাব বুলি মন্তব্য কৰে ৷ উল্লেখ্য যে মুকলি অধিৱেশনখনিত বাসৱ কলিতাৰ লগতে যুটীয়া সম্পাদক শ্যামন্ত দাসকে ধৰি নগাঁও জিলাৰ বিষয়ববীয়াসকল উপস্থিত থাকে।
Photo Credit: @rupjyotibhuyan