21 C
Guwahati
Friday, January 14, 2022
More

    CAB সমৰ্থন কৰা বৰাকৰ মুছলমানৰ লগত আমি নাইঃ কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা

    ইফালে বিধায়ক শিলাদিত্যই কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা। বিধায়ক শিলাদিত্য এজন পাগল, দিনত এটা কয়, ৰাতি এটা কয়

    ৰাজ্যজুৰি অব্যাহত CAB বিৰোধী আন্দোলন। বিভিন্ন দল-সংগঠনৰ লগতে বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীয়েও ৰাজপথলৈ ওলাই আহে প্ৰতিবাদৰ বাবে। লখিমপুৰতো কৰুনাবাৰীত পথ অৱৰোধ কৰে কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই। কোনো কাৰনতে নাগৰিকত্ব সংশোধনী বিধেয়ক মানি নোলোৱাৰ হুংকাৰ সংগঠনটোৰ। কেবৰ বিৰোধিতাৰে পথ অৱৰোধ কৰি ৰাজপথত টায়াৰ জ্বলাই প্ৰতিবাদ কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই।

    Photo: Time8

    ইফালে বিধায়ক শিলাদিত্যই কৰা মন্তব্যৰ বিৰুদ্ধে জাঙুৰ খাই উঠে কৌমী মাদ্ৰাছা ছাত্ৰ সন্থা। বিধায়ক শিলাদিত্য এজন পাগল, দিনত এটা কয়, ৰাতি এটা কয়। শিলাদিত্য দেৱে চকু মেলি চাওক কেব বিৰোধী আন্দোলন কেৱল মুছলমানে কৰিছে নে ৰাজ্যৰ সকলো জাতি-জনগোষ্ঠীয়ে কৰিছে। অসম অসমীয়াৰ দাদাগিৰি চলিব, অসমত বাংলাদেশীৰ দাদাগিৰি নচলিব। কেব সমৰ্থন কৰা বৰাকৰ মুছলমানৰ লগত আমি নাই। আমি অসমীয়াৰ জাতীয়তাবাদ ৰক্ষাৰ কাৰণে ৰাজপথত নামিছো বুলিও মন্তব্য কৰে কৌমী মাদ্ৰাছা ছাত্ৰ সন্থাই।

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং