33 C
Guwahati
Tuesday, September 27, 2022
More

    ৩ অক্টোবৰত ২৪ ঘণ্টীয়া চকাবন্ধ কাৰ্যসূচী পালনৰ হুংকাৰ সদৌ অসম মটৰ পৰিবহন সন্থাৰ

    ৩ অক্টোবৰৰ পুৱা ৫ বজাৰ পৰা ৪ অক্টোবৰৰ পুৱা ৫ বজালৈ হ'ব এই কাৰ্যসূচী

    ২০১৯ৰ ৩০ ছেপ্টেম্বৰৰ ভিতৰত অসমৰ ব্যৱসায়িক যান-বাহনৰ ভাড়া পুনৰ নিৰ্দ্ধাৰণ কৰাৰ জাননী জাৰি নকৰিলে ২০১৯ৰ ৩ অক্টোবৰত ২৪ ঘণ্টীয়া চকাবন্ধ কাৰ্যসূচী ৰূপায়ন কৰিব বুিল হুংকাৰ দিয়ে সদৌ অসম মটৰ পৰিবহন সন্থাই। ৩ অক্টোবৰৰ পুৱা ৫ বজাৰ পৰা ৪ অক্টোবৰৰ পুৱা ৫ বজালৈ হ’ব এই কাৰ্যসূচী।

    উল্লেখ্য যে, ২০১২ৰ ১১ অক্টোবৰত জাননী TMV/195/2010/17 যোগে অসমৰ ব্যৱসায়িক যান-বাহনৰ ভাড়া নিৰ্দ্ধাৰণ কৰিছিল। ২০১২ৰ পিছত পেট্ৰ’পন্যৰ মূল্যবৃদ্ধি, কৰ্মচাৰীৰ দৰমহা বৃদ্ধি তথা অত্যাধিক চৰকাৰী কৰ-কাটল বৃদ্ধি আদিৰ প্ৰতি লক্ষ্য ৰাখি ২০১৬ৰ পৰাই ব্যৱসায়িক যান-বাহনৰ ভাড়া পুনৰ নিৰ্দ্ধাৰণৰ বাবে সদৌ অসম মটৰ পৰিবহন সন্থাই দাবী জনাইছিল।

    পিছত সদৌ অসম মটৰ পৰিবহন সন্থাই ২০১৮ৰ আগষ্ট মাহত পেট্ৰ’পন্যৰ মূল্যবৃদ্ধি প্ৰায় শতকৰ ঘৰ স্পৰ্শ কৰাত এখন স্মাৰকপত্ৰ প্ৰদান কৰিছিল পৰিবহন মন্ত্ৰীক। মন্ত্ৰীগৰাকীয়েও আশ্বাস দিছিল শীঘ্ৰে ভাড়া বৃদ্ধি জাননী জাৰি কৰিব বুলি। পিছত পৰিবহন মন্ত্ৰীয়ে অসম বিধানসভাৰ শীতকালীন অধিৱেশনত অসমৰ ব্যৱসায়িক যান-বাহনৰ ভাড়া বৃদ্ধিৰ যুক্তি দাঙি ধৰি শীঘ্ৰে ৩০% ভাড়া বৃদ্ধি কৰা হ’ব বুলি সদনত ঘোষণা কৰিছিল।

    কিন্তু এই ঘোষণা কাৰ্যকৰী হৈ নুঠাত ২০১৯ৰ ১১ জুলাইত পুনৰ বিভাগীয় মন্ত্ৰীক স্মাৰক পত্ৰযোগে শীঘ্ৰে ঘোষণা কাৰ্যকৰী কৰাৰ অনুৰোধ জনাইছিলো কিন্তু কাৰ্যকৰী নহ’ল সেয়ে বিগত ২০১৯ৰ ১১ ছেপ্টেম্বৰত সদৌ অসম মটৰ পৰিবহন সন্থাৰ কাৰ্যালয়ত অনুষ্ঠিত হোৱা কাৰ্যকৰী সমিতিত এই চকা বন্ধৰ কাৰ্যসূচীৰ কথা ঘোষণা কৰে।

    Photo Credit: nenow.in

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং