‘ইছলাম আৰু কোৰাণৰ কলংকিত কথাবোৰ’ শীৰ্ষক গ্ৰন্থক লৈ ৰাজ্যত ব্যাপক প্ৰতিক্ৰিয়া অব্যাহত থকাৰ সময়তে সত্যৰঞ্জন বৰাৰ বিতৰ্কিত গ্ৰন্থখন বন্ধ কৰাৰ দাবী উত্থাপন হৈছে অৰুণাচল প্ৰদেশত। অল অৰুণাচল প্ৰদেশ ইউথ অৰগেনাইজেছনৰ সভাপতি বিৰি জয়ে গ্ৰন্থখনক লৈ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি কয় যে – ‘ভাৰতবৰ্ষ এখন ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰ।’ ধৰ্মনিৰপেক্ষ ৰাষ্ট্ৰত কোনেও কাৰো ধৰ্মৰ বিৰুদ্ধে কোৱা বা লিখাৰ অধিকাৰ নাই। ইছলাম ধৰ্ম আৰু কোৰানৰ বিৰুদ্ধে আঙুলি উঠোৱা সত্যৰঞ্জন বৰাৰ বিতৰ্কিত গ্ৰন্থখন বন্ধ কৰিবলৈ অসম চৰকাৰক দাবী উত্থাপন কৰিছে অল অৰুণাচল প্ৰদেশ ইউথ অৰগেনাইজেছনে।
ইফালে নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰুদ্ধেও অৰুণাচলত অব্যাহত আছে তীব্ৰ ক্ষোভ আৰু প্ৰতিবাদ। নাগৰিকত্ব সংশোধনী বিধেয়ক গৃহীত হ’লে ভয়াৱহ প্ৰতিবাদ আৰু অপ্ৰীতিকৰ পৰিস্থিতি সৃষ্টি কৰাৰ হুংকাৰ অল অৰুনাচল প্ৰদেশ ইউথ অৰগেনাইজেছনৰ।
‘কেব গৃহীত হ’লে অসমৰ লগতে অৰুণাচল প্ৰদেশতো ব্যাপক প্ৰভাৱ পৰিব। কোনো অবৈধ নাগৰিকৰ বোজা গ্ৰহণ নকৰে অৰুণাচলে। চাংমা আৰু হাজংসকলক লৈয়েই সমস্যাত অৰুণাচল। এনে অৱস্থাত কেব গৃহীত হোৱাটো কোনোপধ্যেই মানি নলয় বুলি Time8 ৰ আগত স্পষ্ট কৰিলে অল অৰুণাচল প্ৰদেশ ইউথ অৰগেনাইজেছনৰ সভাপতি বিৰি জয়ে।’