25 C
Guwahati
Thursday, October 21, 2021
More

    গংগুবাই কাঠিয়াৱাড়ী ৰূপী আলিয়া ভাট্টৰ প্ৰথম লুক ৰিলিজ

    ছবিখনৰ সম্পূৰ্ণ কাহিনী হুছেইন জেদীৰ 'মাফিয়া কুইন অৱ মুম্বাই' নামৰ কিতাপ খনৰ ওপৰত আধাৰিত

    সঞ্জয় লীলা ভঞ্চালী এইকেইদিন ব্যস্ত তেওঁৰ আহিবলগীয়া ছবিৰ কামত। যি ছবিৰ মুখ্য চৰিত্ৰত অভিনয়ৰ বাবে চুক্তিবদ্ধ হৈছে বলিউডৰ অন্যতম সফল অভিনেত্ৰী আলিয়া ভাট্ট। ছবিখনৰ প্ৰথম লুক ৰিলিজ কৰা হৈছে। ৰিলিজ হোৱাৰ পিছতেই ছচিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে আলিয়াৰ গংগুবাই ৰূপ। লগতে নিৰ্ধাৰণ কৰা হৈছে ছবিখনৰ মুক্তিৰ দিন, ১১ ছেপ্তেম্বৰ ২০২০। ৰিলিজ হোৱা লুক দুটাৰ এটাত আলিয়াক দেখা গৈছে দুডাল বেণীৰে সৈতে আৰু আনখন ছবিত ৰঙা ফোট এটাৰে সৈতে ব্লেক এণ্ড হোৱাইটত।

    উল্লেখ্য যে এই ছবিখনতেই আলিয়া ভাট্ট আৰু সঞ্জয় লীলা ভাঞ্চালীয়ে প্ৰথমবাৰৰ বাবে একেলগ হৈ কাম কৰিছে। ভঞ্চালীৰ আহিবলগীয়া ছবিখন জীৱনভিত্তিক। য’ত চিত্ৰায়িত হ’ব এগৰাকী বেশ্যা বৃত্তিধাৰী সমাজসেৱী মহিলা। গংগুবাইৰ প্ৰকৃত নাম গংগা হৰজীৱনদাস কাঠিয়াৱাড়ী। বলিউডত অভিনেত্ৰী হোৱাৰ সপোন দেখা গংগাই কেৱল মাত্ৰ ১৬ বছৰ বয়সতে পলাই বিয়া গৈছিল। তেওঁৰ পিতৃৰ লগত বিচাপ পৰিক্ষক হিচাপে কাম কৰা এজন যুৱকৰ সৈতে পলাই যায় মুম্বাইলৈ। পিছে স্বামীয়ে মিছা প্ৰেমৰ জালত পেলাই পলুৱাই নিয়া গংগাক কেৱল মাত্ৰ ৫০০ টকাৰ বিনিময়ত দেহ ব্যৱসায়ীৰ হাতত বিক্ৰী কৰি দিয়ে।

    তাতেই এখন কুখ্যাত ডকাইত কৰীম লালাই ধৰ্ষণ কৰে গংগাক। পিছত গংগাই সেই কৰীমৰ বিৰুদ্ধে আদালতত যুঁজ দি জয়ী হৈ ৰাখি পিন্ধাই ভাতৃ বনাই লয় কৰীমক। ইয়াৰ সুবাদতে কৰীমে নিজৰ নামৰ কোঠা গংগাৰ নামত কৰি দিয়ে। আৰু তাতেই গংগা হৈ পৰে গংগুবাই। পিছলৈ গংগুবাইয়ে তেওঁৰ কোঠাত কেৱল নিজৰ সন্মতি ক্ৰমে অহা মহিলা হে অন্তৰ্ভুক্ত কৰিছিল আৰপ অন্য দুখিয়া মহিলাক লগতে অনাথ শিশুক সহায় কৰিছিল।

    এই কাহিনীকে ছবিৰ জৰিয়তে ৰূপায়িত কৰিব ভঞ্চালীয়ে আৰু নাম ভুমিকাত থাকিব আলিয়া। আলিয়াই ইয়াৰ বাবে কাঠিয়াৱাড়ী ভাষাও আয়ত্ব কৰি লৈছে। লগতে কাঠিয়াৱাড়ীৰ মানুহৰ জীৱনৰ ওপৰত জ্ঞান আহৰণ কৰিবৰ বাবে তাৰে কিছু নাট্য শিল্পীৰো সহায় লৈছে। এই ছবিখনত সমুহ গান কেৱল বেকগ্ৰাউণ্ড মিউজিক হিচাপেহে থাকিব। লগতে কিছু লোকগীতৰো আভাস পোৱা যাব। ছবিখনৰ সম্পূৰ্ণ কাহিনী হুছেইন জেদীৰ ‘মাফিয়া কুইন অৱ মুম্বাই’ নামৰ কিতাপ খনৰ ওপৰত আধাৰিত।

    Photo credit: Hindi news

    Published:

    Follow TIME8.IN on TWITTER, INSTAGRAM, FACEBOOK and on YOUTUBE to stay in the know with what’s happening in the world around you – in real time

    First published

    ট্ৰেণ্ডিং